খ্ৰীষ্টান-মুছলমানক নহয়, হিন্দু সমাজক ক্ষমা খোজক অখিলে

গো সুৰক্ষা আইন সন্দৰ্ভত দেওবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে কেতবোৰ মন্তব্য প্ৰকাশ কৰাৰ পিছত সোমবাৰে বিজেপিৰ ৰাজ্যিক উপ সভাপতি লক্ষ্য কোঁৱৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অখিল গগৈৰ মন্তব্যক তীব্ৰ গৰিহণা জনাই কয় যে অখিল গগৈৰ মন্তব্য বহুৱালিহে মাত্ৰ। গ্ৰাম্য অৰ্থনীতি ভাঙি যাব বুলি অখিল গগৈয়ে অপ্ৰাসংগিক মন্তব্য কৰিছে। মহাত্মা গান্ধীৰ মন্তব্যক বিকৃত কৰিছে অখিল গগৈয়ে। মুছলমান আৰু খ্ৰীষ্টানক ক্ষমা খোজাতকৈ হিন্দু সমাজক ক্ষমা খোজক বিধায়ক অখিল গগৈয়ে। আমিনুল ইছলামে অনা ১০ কোটি টকাৰ অভিযোগ তল পেলাবলৈ ঢাল হিচাপে লৈছে নেকি গো ৰক্ষাক – এইদৰে সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ উঠে বিজেপিৰ ৰাজ্যিক নেতাজন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বৰ্তমান কেনে ছেইফ আলী খানৰ স্বাস্থ্য?

ছেইফ আলী খানৰ আক্ৰমণৰ ঘটনাই জোকাৰি গ'ল বলীউড। আক্ৰমণৰ...

আমেৰিকাত টিকটক নিষিদ্ধ কৰাৰ আচল কাৰণ কি?

২০২৫ চনৰ ১৯ ​​জানুৱাৰীত টিকটকত লগ ইন কৰা লাখ...

বিগ বছ18ৰ বিজয়ী কৰণবীৰ মেহৰা, কিমান টকা লাভ কৰিলে কৰণবীৰে?

অভিনেতা কৰণবীৰ মেহৰাই ৰিয়েলিটী শ্ব’ বিগ বছৰ ১৮ সংখ্যক...

নীৰজ চোপ্ৰাৰ পত্নী হিমানী ম’ৰ কোন?

তাৰকা এথলীট নীৰজ চোপ্ৰাৰ শুভ পৰিণয়। আত্মীয়ৰ উপস্থিতিত নিৰ্দিষ্ট...