খেৰিৰ দুৰ্ঘটনা আছিল পূৰ্বপৰিকল্পিত; SITৰ প্ৰতিবেদনে কঁপনি তুলিছে বিজেপিৰ আভ্যন্তৰত

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিৰ দুৰ্ঘটনা আছিল পূৰ্বপৰিকল্পিত। পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল প্ৰতিবাদী কৃষকক। ঘটনাৰ তদন্তকাৰী স্পেচিয়েল ইনভেষ্টিগেচন টীমে আদালতত কৰা প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য। SITৰ প্ৰতিবেদনে কঁপনি তুলিছে বিজেপিৰ আভ্যন্তৰত। আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে SITয়ে লাভ কৰিছে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ তথ্য। আদালতত SITয়ে ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰ সহ আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ নতুন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে কৰিছে লিখিত আৱেদন।

আদালতত তদন্তকাৰী বিষয়া ৰাম দিৱাকৰে স্পষ্টভাৱে উল্লেখ কৰিছে খেৰিৰ ঘটনা নাছিল কোনো দুৰ্ঘটনা। প্ৰকৃততে এই ঘটনা আছিল এক পৰিকল্পিত হত্যাকাণ্ড। পৰিকল্পিত ভাৱে মাৰণাস্ত্ৰ সহ তীব্ৰ বেগী গাড়ী চলাই দিয়া হৈছিল প্ৰতিবাদী কৃষকৰ ওপৰত। ঘটনাৰ চাৰ্জশ্বীট দাখিলৰ পূৰ্বে অভিযুক্তৰ বিৰুদ্ধে আদালতত SITৰ এই আবেদনে খলকনি তুলিছে দেশৰ ৰাজনীতিত। তিনি কৃষি আইনৰ পিছত পুনৰ এবাৰ যেন বেকফুটত শাসকীয় বিজেপি দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...