খেৰিৰ দুৰ্ঘটনা আছিল পূৰ্বপৰিকল্পিত; SITৰ প্ৰতিবেদনে কঁপনি তুলিছে বিজেপিৰ আভ্যন্তৰত

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিৰ দুৰ্ঘটনা আছিল পূৰ্বপৰিকল্পিত। পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল প্ৰতিবাদী কৃষকক। ঘটনাৰ তদন্তকাৰী স্পেচিয়েল ইনভেষ্টিগেচন টীমে আদালতত কৰা প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য। SITৰ প্ৰতিবেদনে কঁপনি তুলিছে বিজেপিৰ আভ্যন্তৰত। আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে SITয়ে লাভ কৰিছে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ তথ্য। আদালতত SITয়ে ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰ সহ আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ নতুন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে কৰিছে লিখিত আৱেদন।

আদালতত তদন্তকাৰী বিষয়া ৰাম দিৱাকৰে স্পষ্টভাৱে উল্লেখ কৰিছে খেৰিৰ ঘটনা নাছিল কোনো দুৰ্ঘটনা। প্ৰকৃততে এই ঘটনা আছিল এক পৰিকল্পিত হত্যাকাণ্ড। পৰিকল্পিত ভাৱে মাৰণাস্ত্ৰ সহ তীব্ৰ বেগী গাড়ী চলাই দিয়া হৈছিল প্ৰতিবাদী কৃষকৰ ওপৰত। ঘটনাৰ চাৰ্জশ্বীট দাখিলৰ পূৰ্বে অভিযুক্তৰ বিৰুদ্ধে আদালতত SITৰ এই আবেদনে খলকনি তুলিছে দেশৰ ৰাজনীতিত। তিনি কৃষি আইনৰ পিছত পুনৰ এবাৰ যেন বেকফুটত শাসকীয় বিজেপি দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...