কোহলি বনাম ৰোহিত, তাৰকাৰ সংঘাতক লৈ অস্বস্তিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড

✒️ মৃদুপৱন বৰা

ভাৰতীয় ক্ৰিকেটত অধিনায়ক কেন্দ্ৰীক বিতৰ্ক। দুজন তাৰকাৰ মনোমালিন্যক লৈ অস্বস্তিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড। শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেটত স্পষ্ট হৈ উঠিছে অধিনায়ক কেন্দ্ৰীক বিতৰ্ক। এই বিতৰ্কৰ আঁৰত ৰাণ মেছিন বিৰাট কোহলি আৰু হিটমেন ৰোহিত শৰ্মা। ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা বিৰাট কোহলিক অপসাৰণ কৰাৰ পিছতে আৰম্ভ হয় এই বিতৰ্ক।

দুই ক্ৰিকেটাৰৰ শীতল যুদ্ধত অস্বস্তিত বি চি চি আই, কিয় এদিনীয়া ক্ৰিকেট দলৰ নেতৃত্ব হেৰুৱালে কোহলিয়ে? এই প্ৰশ্নৰ উত্তৰ দিব লগা হৈছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে। কিন্তু সৌৰভ গাংগুলীকো উভতি ধৰিছে একাংশ কোহলিৰ অনুৰাগীয়ে।

অন্যায়ভাৱে এদিনীয়াৰ নেতৃত্বৰ পৰা কোহলিক বঞ্চিত কৰাৰ অভিযোগ। সৌৰভ গাংগুলীৰো প্ৰত্যুত্তৰ – কোহলিৰ হাতত নাই শীৰ্ষ টুৰ্ণামেণ্টৰ ট্ৰফী। ইফালে দক্ষিণ আফ্ৰিকা ভ্ৰমণত আঘাতৰ বাবে টেষ্ট দলৰ পৰা বাহিৰ ৰোহিত শৰ্মা। এই খবৰৰ পিচতে বিৰাট কোহলিৰ এটা সিদ্ধান্তই লাভ কৰে অন্য এক চৰ্চা।দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কোহলিৰ। অৰ্থাত পূৰ্ণকালীন অধিনায়ক হিচাপে ৰোহিতে নেতৃত্ব প্ৰদান কৰিবলগীয়া প্ৰথমটো শৃংখলাতে দেশৰ হৈ নেখেলে বিৰাট কোহলিয়ে।

কন্যাৰ প্ৰথমটো জন্মদিনৰ বাবে নাম প্ৰত্যাহাৰ কোহলিৰ। ক্ৰিকেটপ্ৰেমীয়ে কোহলিৰ এই সিদ্ধান্তক অজুহাত হিচাপেহে গণ্য কৰিছে। একাংশ ক্ৰিকেটপ্ৰেমীৰ মতে এয়া কোহলিৰ অহং মনোভাৱহে। ৰোহিত অধিনায়ক হোৱাটো এতিয়াও সহজভাৱে লোৱা নাই বিৰাট কোহিলয়ে। দেশৰ ক্ৰিকেটপ্ৰেমীৰ আশা তাৰকাদ্বয়ে ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি দেশৰ কথা ভাৱক। ব্যক্তিস্বাৰ্থই দলৰ ভেঁটি সুদৃঢ় নকৰে ।অধিনায়কৰ অন্তকন্দল ভাৰতীয় ক্ৰিকেটৰ বাবে দুৰ্ভাগ্যজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...