২ কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যাৰ আজি ৰায় দিব আদালতে, কি হ’ব শাস্তি?

কোকৰাঝাৰ জিলা বিশেষ আদালতে আজি প্ৰদান কৰিব অভয়াখুঁটি কাণ্ডৰ চূড়ান্ত ৰায়। প্ৰায় ৯ মাহ পূৰ্বে অভয়াখুঁটিত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল। হাবিৰ এজোপা গছত ওলোমাই থোৱা হৈছিল দুয়োৰে মৃতেদহ। ২০২১ বৰ্ষৰ ১১ জুনত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৭ অভিযুক্ত। ৭ অভিযুক্তৰ ৩ মূল অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত দাখিল কৰিছিল চাৰ্জশ্বিট। ৩ মূল অভিযুক্ত আছিল পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখ। এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। ধৰ্ষণ আৰু হত্যাৰ বলি দুই কিশোৰীৰ মাতৃক ক্ষিপ্ৰ তদন্ত আৰু শীঘ্ৰ ন্যায়ৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে গোচৰটো সন্দৰ্ভত শুনানি সম্পূৰ্ণ হৈছে বিশেষ আদালতত। আজি দিনৰ ১১ বজাত চূড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আদালতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...