২ কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যাৰ আজি ৰায় দিব আদালতে, কি হ’ব শাস্তি?

কোকৰাঝাৰ জিলা বিশেষ আদালতে আজি প্ৰদান কৰিব অভয়াখুঁটি কাণ্ডৰ চূড়ান্ত ৰায়। প্ৰায় ৯ মাহ পূৰ্বে অভয়াখুঁটিত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল। হাবিৰ এজোপা গছত ওলোমাই থোৱা হৈছিল দুয়োৰে মৃতেদহ। ২০২১ বৰ্ষৰ ১১ জুনত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৭ অভিযুক্ত। ৭ অভিযুক্তৰ ৩ মূল অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত দাখিল কৰিছিল চাৰ্জশ্বিট। ৩ মূল অভিযুক্ত আছিল পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখ। এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। ধৰ্ষণ আৰু হত্যাৰ বলি দুই কিশোৰীৰ মাতৃক ক্ষিপ্ৰ তদন্ত আৰু শীঘ্ৰ ন্যায়ৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে গোচৰটো সন্দৰ্ভত শুনানি সম্পূৰ্ণ হৈছে বিশেষ আদালতত। আজি দিনৰ ১১ বজাত চূড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আদালতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...