উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSৰ উত্তাল প্ৰতিবাদ

উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ সহযোগত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান আৰু উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ শ শ পুৰুষ মহিলা আৰু সংগঠনটোৰ নেতা কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, যোৱা ১৬ মাৰ্চত টিলাপাৰা দুধনাথ গাঁৱত বন বিভাগ আৰু বিলাসীপাৰা মহকুমা প্ৰসাশনে বন বিভাগৰ মাটিত অবৈধ ভাৱে বসবাস কৰা প্ৰায় ১০০ ঘৰ পৰিয়ালক উচ্ছেদ কৰিছিল। সেই উচ্ছেদিত ভুমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান আৰু পুনৰ সংস্থাপন দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীয়ে বিলাসীপাৰা মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন

পুনৰ জোনবাইৰ বুকুলৈ মহাকাশযান পঠিয়াবলৈ সাজু হৈছে ISRO। চন্দ্ৰযান-৫...

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...