ক’ভিডত বিধ্বস্ত কেৰালাত নিপাহ ভাইৰাছৰ সন্ত্ৰাস

ক’ভিডে বিধ্বস্ত কৰা কেৰালাত নিপাহ ভাইৰাছ। নিপাহ ভাইৰাছত আক্ৰান্ত এজন কিশোৰৰ মৃত্যু। আজি মৃত্যু হয় কেৰেলা কজিকড় জিলাৰ ১২ বছৰীয়া কিশোৰজনৰ। ১ ছেপ্টেম্বৰত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কিশোৰজনক। শিশুটিৰ সংস্পৰ্শলৈ অহা ১৭জনক ৰখা হৈছে নজৰত। উল্লেখ্য যে নিপাহ ভাইৰাছ মানুহৰ শৰীৰৰ লগতে ফেঁচা আৰু গাহৰিৰ দেহতো সহজে সংক্ৰমণ কৰে। বৰ্তমানলৈকে নিপাহ ভাইৰাছৰ কোনো চিকিৎসা বা ভেকচিন ওলোৱা নাই। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেৰালালৈ নিপাহ ভাইৰাছ সম্পৰ্কে অনুসন্ধান চলোৱাৰ বাবে এটা চিকিৎসকৰ দল প্ৰেৰণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাৰাত্মক ৰোগত আক্ৰান্ত ছলমান খান

মাৰাত্মক ৰোগত আক্ৰান্ত ভাইজান। ট্ৰাইজেমিনেল নিউৰেল’জিয়া ৰোগত আক্ৰান্ত ছলমান...

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...