কাজিৰঙাত একেলগে নিৰ্মাণ হ’ব ৩খন পঞ্চতাৰকাযুক্ত হোটেল

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত উন্নত মানদণ্ডৰ আতিথ্যৰ সংযোজন কৰাৰ উদ্দেশ্য আগত ৰাখি নিৰ্মাণ হ’বলৈ গৈ থকা তিনিখন পঞ্চতাৰকা হোটেলৰ স্থান পৰিদৰ্শন কৰে আজি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৈতে কেলিডেন আৰু হাতীকুলি চাহ বাগিছাত IHCL (টাটা গ্ৰুপ) লগতে ৰংগাজান চাহ বাগিছাত হায়াত গোটৰ অংশীদাৰিত্বত পৰিকল্পিত বিশেষ আতিথ্য প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰি মন্ত্ৰী বৰুৱাই প্ৰকাশ যে অহা জুন বা জুলাইত এই তিনিওটা আতিথ্য প্ৰকল্প শীলন্যাস সম্পুৰ্ণ কৰিবলৈ চৰকাৰে নিজৰ কাম কাজ পুৰ্ণগতিত আগবঢ়াইছে।

যোৱা পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা অভূতপূৰ্ব পৰ্যটকৰ আগমনৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে চৰকাৰে কাজিৰঙাত আৰু পৰৱৰ্তী সময়ত নতুন নতুন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে। ইয়াৰোপৰি কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই ৰাষ্ট্ৰীয় উদ্যানখনত Mass tourism ৰ পৰিৱৰ্তে Sustainable tourism ৰ প্ৰসাৰ কৰাৰ কথা প্ৰকাশ কৰে। এই পৰিকল্পনাই জৈৱ বৈচিত্ৰৰ সংৰক্ষণ কৰাত সহায় কৰাৰ লগতে ইয়াৰ জৰিয়তে ৰাজহ সংগ্ৰহো বৃদ্ধি পাব বুলি মন্ত্ৰী বৰুৱাই মত প্ৰকাশ কৰে ।

ইয়াৰোপৰি, অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ আৰু ₹৮.৮ কোটি ৰাজহ আহৰণ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটন বিভাগটোৱে পৰৱৰ্তী সময়ত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে উৎকৃষ্ট অভিজ্ঞতা প্ৰদান কৰিবলৈ আৰু নতুন নতুন কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...