পেলনীয়া সামগ্ৰীৰে বেটেৰী চালিত পাংখা প্ৰস্তুত কৰিমগঞ্জৰ ৰছিদ আহমেদ খানৰ

সৃষ্টিশীল মানসিকতাৰে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি বেটেৰী চালিত পাংখা তৈয়াৰ কৰি বহুতৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কৰিমগঞ্জৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰই। মেধাৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ শিশু কিশোৰ সকল যে চহৰৰ শিশু কিশোৰতকৈ কোনো ক্ষেত্ৰতে কম নহয়, ইয়াৰ প্ৰমাণ দাঙি ধৰিলে দক্ষিণ কৰিমগঞ্জ নিলামবজাৰ এলেকাৰ এজন কিশোৰে।

বয়স তেওঁৰ মাত্ৰ ১১ বছৰ, ১০১ নম্বৰ প্ৰেমময়ী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰাছেদ মহাম্মদ খানে নিজৰ সৃষ্টিশীল মানসিকতাৰে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিলে বেটেৰিৰ জৰিয়তে চলা এখন ফেন। কাৰ্ড ব’ৰ্ডৰ টুকুৰাৰে, পুতলা গাড়ীৰ মটৰ আদি ব্যবহাৰ কৰি ৰিম’ট কন্টলেৰে চলা ফেন প্ৰস্তুত কৰি বহুতৰে প্ৰশংসাৰ পাত্ৰ হ’বলৈ সক্ষম হৈছে। নিলামবজাৰ এলেকাৰ কুতুব উদ্দিন খান আৰু ৰহিমা খানৰ পুত্ৰ ৰছিদ আহমেদ খানৰ এই সৃষ্টিশীল মানসিকতা প্ৰত্যক্ষ কৰি বিদ্যালয়ৰ শিক্ষক সকলেও ৰাছেদৰ উজ্বল ভবিষ্যত কামনা কৰিছে । ৰাছেদৰ মাতৃয়ে জনোৱা অনুসৰি ঘৰতে কিবা এটা কৰাৰ মানসিকতাৰে ন ন সামগ্ৰী নিৰ্মাণৰ প্ৰচেষ্টা কৰে ৰাছেদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...