ভাৰতে এইবাৰ পাব ‘মৌচুমী’ৰ আশীৰ্বাদ

অচিন্ত্য শৰ্মা

বিভিন্ন জটিলতাৰ মাজত ককবকাই থকা ভাৰতীয় অৰ্থনীতিলৈ শেহতীয়াভাবে এক সুখবৰ আহিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰপৰা। উক্ত খবৰ অনুসৰি বিগত অনুসৰি বিগত তিনিটা বছৰৰ নিচিনাকৈ এইবাৰো ভাৰতে লাভ কৰিব বৰ্ষাকালীন স্বাভাৱিক পৰিমাণৰ বৰষুণ অৰ্থাৎ দক্ষিণ-পশ্ছিম মৌচুমী বায়ুৱে এইবাৰো ভাৰতলৈ কঢ়িয়াই আনিব পৰ্যাপ্ত আশা। ২০১৯, ২০২০ আৰু ২০২১ চনৰ বাৰিষা কালচোৱাটো ভাৰতে দক্ষিণ-পশ্চিম মৌচুমী বায়ুজনিত স্বাভাবিক তথা পৰ্যাপ্ত বৰষুণ লাভ কৰিছিল আৰু ই হৈ উঠিছিল দেশৰ কৃষি খণ্ডৰ বাবে আশীৰ্বাদস্বৰূপ। এনে অনুকূল মৌচুমী বায়ু আৰু পৰ্যাপ্ত বৰষুণেই কাৰ্যত: কভিড কালছোৱাত ভাৰতক দিছিল বহুখিনি সকাহ আৰু শক্তি। সম্প্ৰতি কোভিডৰ জোৰ কমিছে যদিও কোভিডসৃষ্ট বিভিন্ন জটিলতা আঁতৰা নাই। বৰঞ্চ ৰুছ-ইউক্ৰেইন যুদ্ধৰ নিচিনা ঘটনাসমূহে বিশ্ব পৰিস্থিতিৰ জটিলতা বঢ়াইছেহে। এনে প্ৰেক্ষাপটত পৃথিৱীৰ অন্য বিভিন্ন দেশৰ লগতে ভাৰততো বাঢ়িছে খাদ্য, ইন্ধন আৰু অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। সামগ্ৰিকভাৱে অশনি সংকেত আহিছে সমগ্ৰ অৰ্থনীতিলৈ। এই সংকটকালৰ মাজতে ভাৰতৰ বাবে প্ৰাণবায়ু স্বৰূপ দক্ষিণ-পশ্চিম মৌচুমী বায়ু বা দক্ষিণ পশ্চিম মৌচুমী বতাহৰ স্বাভাৱিক আচৰণৰ খবৰে সকলোকে আৰম্ভ কৰিছে।

অৰ্থনীতিবিদসকলে প্ৰকাশ কৰামতে স্বাভাৱিক দক্ষিণ-পশ্চিম মৌচুমী বায়ু আৰু পৰ্যাপ্ত বৰষুণে এইবাৰ অকল ভাৰতীয় কৃষিখণ্ডকে নহয়, উজ্জীৱিত কৰিব ভাৰতীয় উদ্যোগ খণ্ডকো। কাৰণ মূল্যবৃদ্ধিৰ এই উদ্বিগ্নতাৰে ভৰা যুগটোত বৰ্দ্ধিত কৃষি উৎপাদনে অকল কৃষিজাত সামগ্ৰীসমূহৰে মূল্য নহয়, সামগ্ৰীক মুদ্ৰাস্ফীতিও হ্ৰাস কৰিব; যিটো হ’ব সমগ্ৰ দেশীয় অৰ্থনীতিৰ বাবেই শুভ লক্ষণ আৰু নিঃসন্দেহে উক্ত শুভ লক্ষণৰ সুফল লাভ কৰিব উদ্যোগ খণ্ড আৰু অন্যান্য খণ্ডসমূহেও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...