এটা চকলেটৰ বাবে ভাৰতলৈ আহি বিপদত বাংলাদেশী কিশোৰ

এটা চকলেটৰ বাবে ভাৰত পালেহি বাংলাদেশৰ কিশোৰ। তেওঁ পকেটত বাংলাদেশী ১০০ টকাৰ এটা মুদ্ৰা লৈয়ে বাংলাদেশৰ কুমিল্লাৰ পৰা ত্ৰিপুৰাৰ কমলচোৱা গাঁৱৰ এখন দোকানলৈ আহিছিল। তেওঁ এখন নদী পাৰ হৈ সীমান্তৰক্ষীৰ চকুত ধুলি মাৰি কাটা তাৰ পাৰ হৈ এক দীঘলীয়া যাত্ৰাপথ আতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে কিশোৰজন। তেওঁল লক্ষ্য মাত্ৰ এটাই চকলেট। কেৱল এটা প্ৰিয় চকলেটৰ বাবেই বাংলাদেশৰ পৰা ভাৰত পালেহি কিশোৰজন। বাংলাদেশত নোপোৱা চকলেট ক্ৰয় কৰিবৰ বাবেই ভাৰতলৈ অহা কিশোৰজনে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে।

এই যুৱকজনৰ নাম হৈছে ইমান হোছেইন। চকলেটৰ প্ৰতি থকা হেঁপাহৰ বাবে ভাৰতলৈ অহা ইমান অবশেষত BSF জোৱানৰ হাতত ধৰা পৰে। BSF জোৱানৰ প্ৰশ্নৰ উত্তৰত ইমানে কয়, ‘চকলেট কিনাৰ বাহিৰে মোৰ কোনো উদ্দেশ্য নাই।’ পিছে তেওঁৰ কথাত পতিয়ন নগ’ল সীমান্তৰক্ষী। ইমানক গতাই দিয়ে আৰক্ষীক। আৰু পৰৱৰ্তী সময়ত তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু বেআইনিভাৱে সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত এটা গোচৰ ৰুজো কৰা হয়। অৱশেষত ১৫ দিনৰ বাবে কাৰাগাৰেই হৈ পৰে ইমানৰ বাবে ঘৰ।

এই প্ৰসংগত আৰক্ষীয়ে কয় যে, ‘ইমানৰ ভাৰতলৈ অহাৰ কাৰণ আছে নে নাই তাক লৈ বৰ্তমান অনুসন্ধান চলি আছে। অৱশ্যে, অনুসন্ধানত ১০০ টকাৰ বাংলাদেশী মপদ্ৰাৰ বাহিৰে আন একো পোৱা নাই কিশোৰজনৰ পৰা। উপয়ুক্ত নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...