ধুমুহাৰ গতিত ভাইৰেল কংগনা ৰানাৱটৰ মোহময়ী ৰূপ, এইবাৰ কিয় চৰ্চাত অভিনেত্ৰীগৰাকী?

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট। নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজনেই নাই। নিজৰ বলিষ্ঠ অভিনয়েৰে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিছে অভিনেত্ৰীগৰাকীয়ে। সমান্তৰালভাবে বংশবাদ বা নেপটিজমৰ বিষয়ে ধাৰাবাহিকভাবে নিজৰ কণ্ঠ দাঙি ধৰি একপ্ৰকাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খলকনি তুলিছিল। হিমাচলৰ পৰা মায়ানগৰীলৈ কংগনাৰ অভিনয় যাত্ৰা এতিয়া বহুতৰ বাবে অনুপ্ৰেৰণাৰ উত্স।

শেহতীয়াভাবে কংগনাৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ধাক্কড়। নামটোৱেই কয়, অভিনেত্ৰীগৰাকীৰ দৰে এক শক্তিশালী চৰিত্ৰ থাকিব চিনেমাখনত। আজি চিনেমাখনৰ ট্ৰেইলাৰ মুকলিৰ বাবে অভিনেত্ৰীগৰাকীয়ে কেইবাখনো ফটো আপলোড কৰিছে। কলা আৰু ৰূপালী বৰণ মিশ্ৰিত পোছাক পিন্ধি ফটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে মুহূৰ্ততে ভাইৰেল কৰিছে আলোকচিত্ৰ। চিনেমাখনৰ কাহিনীটোৱেও ইতিমধ্যে বিশেষভাবে চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...