AIয়ে চিনাক্ত কৰিব কেন্সাৰ; শৰীৰত থিতাপি লোৱাৰ আগতেই গ্ৰহণ কৰিব পাৰিব প্ৰতিৰোধৰ ব্যৱস্থা

বিজ্ঞানীসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত কৰ্কট ৰোগ চিনাক্তকৰণৰ এক নতুন পদ্ধতিৰ আৱিষ্কাৰৰ দাবী কৰিছে। এই পদ্ধতিৰ জৰিয়তে কৰ্কট ৰোগে শৰীৰত থিতাপি লোৱাৰ আগতেই ইয়াৰ সম্ভাৱনা ধৰা পৰিব আৰু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা সম্ভৱ হ’ব।

কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে বহু ক্ষেত্ৰত ইয়াক নিৰাময় কৰা সম্ভৱ। চিকিৎসা বিজ্ঞানৰ উন্নতিৰ জৰিয়তে কৰ্কট ৰোগৰ প্ৰাথমিক চিনাক্তকৰণৰ বিভিন্ন পদ্ধতি আৱিষ্কাৰৰ দাবী পূৰ্বেও কৰা হৈছে। টিউমাৰ কোষৰ সৃষ্টিৰ আৰম্ভণিতে ইয়াৰ চিনাক্ত কৰিব পৰা পদ্ধতিৰ ওপৰত বিশ্বজুৰি গৱেষণা চলি আছে। কিন্তু নতুন গৱেষণাৰ মতে, কৰ্কট ৰোগে শৰীৰত থিতাপি লোৱাৰ আগতেই ইয়াৰ সম্ভাৱনা জিনীয় স্তৰত চিনাক্তকৰণ কৰা সম্ভৱ হ’ব। এই পদ্ধতিৰ জৰিয়তে কেৱল কৰ্কট ৰোগৰ আশংকাই নহয়, জিনীয় কাৰণত হোৱা অন্যান্য ৰোগ আৰু কিছুমান অটোইমিউন ৰোগো আগতীয়াকৈ ধৰা পৰিব। আমেৰিকাৰ জন্স হপকিন্স কিমেল কৰ্কট ৰোগ চেণ্টাৰ আৰু জন্স হপকিন্স হোৱাইটিং স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ গৱেষকসকলে এই পদ্ধতি আৱিষ্কাৰৰ দাবী কৰিছে।

গৱেষকসকলে তেজৰ নমুনাত ভাসমান DNAৰ টুকুৰা (চিকিৎসা বিজ্ঞানত ‘চাৰ্কুলেটেড চেল-ফ্ৰী DNA’ বা চিচিএফDNA বুলি কোৱা হয়) বিশ্লেষণ কৰি এনে জিনৰ সন্ধান কৰিব, যাৰ ৰাসায়নিক পৰিৱৰ্তন (মিউটেশন)ৰ ফলত কৰ্কট ৰোগ কোষৰ জন্ম হ’ব পাৰে। এই বিশ্লেষণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লোৱা হ’ব। এই পদ্ধতিৰ নাম দিয়া হৈছে ‘মাইট’ (মাল্টিডাইমেনশ্বনেল ইনফৰ্মড জেনেৰেলাইজড হাইপোথেটিক টেষ্টিং)।

গৱেষকসকলে মূলতঃ ‘লিকুইড বায়োপ্সি’ পদ্ধতিৰ ওপৰত ভিত্তি কৰি এই গৱেষণা কৰিছে। টিছু বায়োপ্সি, এক্স-ৰে বা এমআৰআই স্কেনতকৈ লিকুইড বায়োপ্সিৰ জৰিয়তে কৰ্কট ৰোগ অধিক নিখুঁতভাৱে চিনাক্তকৰণ কৰিব পৰা যায়। বিজ্ঞানীসকলৰ দাবী, এই পদ্ধতিত ভুলৰ সম্ভাৱনা কম। টিছু বায়োপ্সিত আক্ৰান্ত অংশৰ পৰা কোষৰ নমুনা লৈ পৰীক্ষা কৰা হয়, কিন্তু লিকুইড বায়োপ্সিৰ ক্ষেত্ৰত তেজৰ নমুনা পৰীক্ষা কৰা হয়। তেজত কৰ্কট ৰোগ কোষৰ উপস্থিতি বা তাৰ গতিবিধি জানিবলৈ বিশেষ ধৰণৰ জিনীয় মাৰ্কাৰ ব্যৱহাৰ কৰা হয়। এই মাৰ্কাৰ DNAৰ জৰিয়তে তৈয়াৰ কৰা হয়। কৰ্কট ৰোগ কোষ বা কৰ্কট ৰোগ সৃষ্টিকাৰী জিনৰ সংস্পৰ্শলৈ আহিলে এই মাৰ্কাৰৰ গঠন সলনি হয়, যাৰ জৰিয়তে কৰ্কট ৰোগৰ সম্ভাৱনা বা উপস্থিতি ধৰা পৰে।

জন্স হপকিন্সৰ গৱেষকসকলে লিকুইড বায়োপ্সিৰ এই পদ্ধতিক অধিক উন্নত কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই আৱিষ্কাৰ কৰাৰ দাবী কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত ১০০০ জনৰ ওপৰত এই পদ্ধতিৰ পৰীক্ষা কৰা হৈছে। গৱেষকসকলৰ মতে, এই পদ্ধতি সফল হ’লে কৰ্কট ৰোগৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব, আৰু কৰ্কট ৰোগ নিৰ্মূলৰ বাবে অধিক উন্নত চিকিৎসা পদ্ধতিৰ গৱেষণাও সম্ভৱ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...