ৰাছিয়ান ৰাষ্ট্ৰপতিৰ বাবে সোণ খচিত SUNGLASS!

গুৱাহাটী, ১৮ জুন, NKTV: আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনলৈ আগবঢ়ালে এক বিশেষ উপহাৰ। ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক আগবঢ়ালে এযোৰ বিশেষ কাষ্টম এভিয়েটৰ ছান গ্লাছ। Concorde style কোম্পানীয়ে প্ৰস্তুত কৰিছে এই বিশেষ ছানগ্লাছ যোৰ। ছানগ্লাছ যোৰৰ সন্দৰ্ভত Concorde style নামৰ কোম্পানীটোৱে নিজৰ ব্লগত এই ছানগ্লাছযোৰৰ বিশেষত্বৰ কথা উল্লেখ কৰি লিখিছে যে, এই ছান গ্লাছত ২৩ কেৰেট সোণ ব্যৱহাৰ কৰা হৈছে, লগতে এই ছান গ্লাছযোৰত আছে ৫৭এম এম আমেৰিকান গ্ৰে লেঞ্চ। এক সুকীয়া বিশেষত্ব দিবলৈ এই বিশেষ ছানগ্লাছ যোৰৰ সো লেঞ্চ আৰু টেম্পলৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৰা স্বাক্ষৰ। চলিত সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক সাক্ষাতৰ পিছত এই উপহাৰটি আগবঢ়াইছিল । হোৱাইট হাউছে সদৰি কৰা মতে, দুয়োজন ৰাষ্ট্ৰপতি লগ হোৱাৰ সময়ত বাইডেনে Randolph Engineeringএ বিশেষভাৱে প্ৰস্তুত কৰা এই বিশেষ ছানগ্লাছ যোৰ পুটিনলৈ আগবঢ়াইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...