দেশত 5G সেৱা আৰম্ভ হোৱাই নাই, জিঅ’ই আৰম্ভ কৰিলে 6Gৰ কাম

জিঅ’ই ভাৰতত 5Gৰ সেৱা আৰম্ভ হোৱাৰ পূৰ্বে 6Gৰ কাম আৰম্ভ কৰিছে। জিঅৰ অংশীদাৰ এষ্টনিয়াই 6G টেনলজীৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। জিঅ এষ্টনিয়াই অওলো বিশ্ববিদ্যালয়ৰ সৈতে একেলগে কাম আৰম্ভ কৰিছে। ইউনিভাৰ্চিটী অৱ অওলোৱে ভৱিষ্যতে ৱায়াৰলেছ এণ্ড টু এণ্ড চল্যুচনৰ ওপৰত কাম কৰি আছে। এৰিয়েল আৰু স্পেচ কমিউনিকেচন, হোলোগ্ৰাফিক বিমফাৰ্মিং, চাইবাৰ চিকিউৰিটী, মাইক্ৰ ইলেক্ট্ৰনিক আৰু ফটোনিক্সৰ ক্ষেত্ৰত 3D কন্টেক্ট ইণ্টেলিজেঞ্চক ব্যৱসায় আৰু অৰ্থনীতিৰ ক্ষেত্ৰত বিশেষ মাত্ৰা প্ৰদান কৰিব। কেৱল ইমানেই নহয়, কনজিউমাৰ্ছ গুডছ, অটোমোটিভ আৰু ৱাইট গুডছ স্পেছৰ ক্ষেত্ৰত 6G ফিচাৰ থকা সামগ্ৰী প্ৰস্তুতৰ বাবেও একেলগে কাম কৰি আছে। আনহাতে, জিঅৰ 6Gৰ প্ৰভাৱ নিৰ্মাণ, প্ৰতিৰক্ষা আৰু ব্যৱসায়িক মেচিনাৰীৰ ক্ষেত্ৰতো স্পষ্ট হ’ব। নামেই কয়, 6G 5Gতকৈ ক্ষিপ্ৰ আৰু উন্নত হব। গতিকে, 6Gৰ ফোকাছ ছেল ফ্ৰী MIMO, ইণ্টেলিজেঞ্চ চাৰ্ফেছ আৰু স্পীড বেছি পাব গ্ৰাহকে। 6G-এ 5Gৰ সৈতে একেই হব যদিও অধিক গ্ৰাহক আৰু নতুন নতুন অঞ্চলক সামৰি লব। 6Gৰ স্পীড কিমান হব এতিয়াই স্পষ্ট হোৱা নাই যদিও 5Gৰ ১০০ গুণ অধিক হব। ছেমছাঙে প্ৰকাশ কৰা তথ্য অনুসৰি নেক্সট জেনেৰেচন নেটৱৰ্কৰ স্পীড ১০০০ Gbps স্পীড হব। 6Gৰ গৱেষণা আৰু বিকাশৰ কাম চীন আৰু জাৰ্মানীত দ্ৰুতগতিত অব্যাহত আছে। আন আন উন্নত দেশতো ইয়াৰ ওপৰত কাম আৰম্ভ হৈছে। 6Gৰ আগমনে AI ইণ্টাৰেকচনৰ ৰূপ সলনি কৰিব। অৱশ্যে ২০২৫ৰ পূৰ্বে ভাৰতীয় গ্ৰাহকে 6G সেৱা লাভ কৰাৰ সম্ভাৱনা ক্ষীণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; সোণাপুৰৰ মৰগদোলাত আৰক্ষীৰ এনকাউণ্টাত নিহত ২ কুখ্যাত গাড়ী চোৰৰ

ৰাজ্যত অব্যাহত গাড়ী চোৰৰ সন্ত্ৰাস। অসম আৰক্ষীৰ গাড়ী চোৰৰ...

পাৰ্লাৰৰ সন্মুখত বাইক ৰখোৱা বাবে মহিলাই কাটিলে ৩খন বাইকৰ টায়াৰ

গুৱাহাটীৰ পূব শৰণীয়াৰ ৩ নং উপপথত সংঘটিত হৈছে এক...

ভাৰতত প্ৰথমবাৰৰ বাবে মহিলা চেম্পিয়নছ ট্ৰফী! মুম্বাই-বডোদৰাত হ’ব মহাযুঁজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল (ICC)-এ ঘোষণা কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।...