অভিষেক টেষ্টতে শতকেৰে উজলিছিল যশস্বী জয়ছোৱাল

কেৰিয়াৰৰ ৬ নং টেষ্টত দুৰ্দান্ত দ্বিশতৰান উদীয়মান তাৰকাৰ

যশস্বীৰ দ্বিশতকেৰে প্রথম ইনিংছত সূচল স্থিতিত ভাৰত

কনিষ্ঠতমৰ তালিকাত ৩য় স্থানত তৰুণ অ’পেনাৰ যশস্বী

টেষ্ট ক্রিকেটত কনিষ্ঠতম ভাৰতীয় হিচাপে দ্বিশতৰান কৰাৰ অভিলেখ আছিল বিনোদ কাম্বলিৰ। ২১ বছৰ ২২ দিনত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিশতৰান কৰিছিল কাম্বলিয়ে। বিপৰীতে লিটল মাষ্টাৰ সুনীল গাভাস্কাৰে ২১ বছৰ ২৭৭ দিনত ১৯৭১ চনত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে প’র্ট অব স্পেইনত কৰিছিল দ্বিশতক।   

যশস্বীয়ে শনিবাৰে দ্বিশতক কৰাৰ সময়ত তেওঁৰ বয়স ২২ বছৰ ৩৭ দিন

বিশাখাপট্টনমত ২৭৭ বলত ২০০ ৰান ক্ৰিকেটৰ নতুন তাৰকাজনৰ

বাঁওহতীয়া বেটছমেন হিচাপে দ্বিশতৰান কৰা ৪ৰ্থ ভাৰতীয় ক্রিকেটাৰ যশস্বী

যশস্বীৰ বেটিঙৰ সহায়ত ভাৰতে প্রথম ইনিংছত ৩৯৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়। তৰুণ অ’পেনাৰজনে প্রায় অকলেই টানি নিছিল ভাৰতীয় ইনিংছ। যশস্বীৰ পাছত ভাৰতীয় ইনিংছত সৰ্বাধিক স্ক’ৰ হৈছে শুভমন গিলৰ ৩৪ ৰান। এই কথাই সূচায় কিমান গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল যশস্বীয়ে। উত্তৰ প্রদেশত জন্মগ্রহণ কৰা যশস্বী ক্রিকেট খেলাৰ সপোন দেখি গৈছিল মুম্বাইলৈ।

শনিবাৰে বাউণ্ডেৰী কোবাই দ্বিশতক অৰ্জন কৰে যশস্বীয়ে

দ্বিশতক কৰাৰ পূৰ্বৰ বলটোত ছিক্সাৰ কোবাইছিল তেওঁ

শুকুৰবাৰে ছিক্সাৰ মাৰি শতক কৰিছিল যশস্বী জয়ছোৱালে

এই কথাই প্ৰতীয়মান কৰে যশস্বীৰ ক্রিকেট মানসিকতা

দলত জ্যেষ্ঠ হৈ ক্রমে অৱসৰৰ পিনে গতি কৰা বিৰাট কোহলি, ৰোহিত শৰ্মাৰ যোগ্য উত্তৰসূৰী হৈ পৰিল যশস্বী সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ৬খন টেষ্টত ৬২০ ৰান কৰা যশস্বীয়ে এতিয়ালৈকে দুটা শতক, দুটা অৰ্ধশতক অৰ্জন কৰিছে। বেটিঙত তেওঁৰ গঢ় হৈছে ৬২।

অনাগত দিনত ভাৰতীয় ক্রিকেটত যশস্বীয়ে যে প্রভুত বৰঙণি যোগাব আৰু বিশ্ব ক্রিকেটত উজলি উঠিব সেয়া তেওঁৰ দুৰ্দান্ত বেটিঙে প্রমাণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...