হিমন্ত বিশ্ব শৰ্মাক খালিস্তানীয়ে ভাবুকি দিয়াতো দুৰ্ভাগ্যজনক : আলফা (স্বাঃ)

“শিখ ফ’ৰ জাষ্টিছ” লৈ “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ মুকলি চিঠি

এই পত্ৰ যোগেদি “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা স্বাধীনতাকামী খালিস্তান সমর্থিত ‘শিখ ফ’ৰ জাষ্টিছ’ সংগঠনৰ নেতৃত্বক জনাব বিছাৰোঁ যে, অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ আপোনালোকে দূৰভাষণৰ যোগে যি সতর্কবাণী প্ৰেৰণ কৰিছে সেয়া এক দুৰ্ভাগ্যজনক আৰু ভুল বুজাবুজি হোৱা যেন আমাৰ অনুভৱ হৈছে । কিয়নো ১৯৮৪ চনৰ ১ জুনৰ পৰা ১০ জুনলৈ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ দখলদাৰী বাহিনীৰ দ্বাৰা অমৃতসৰৰ সোণালী মন্দিৰত চলোৱা “অপাৰেচন রুষ্টাৰ”ৰ পৰৱৰ্ত্তী সময়ত সমগ্ৰ ভাৰতত শিখ বিৰোধী ঢৌ বিয়পি পৰে । ভাৰতৰ অন্য প্ৰান্তত উদ্ভৱ হোৱা শিখ নিধনযজ্ঞৰ বিপৰীতে অসমৰ থলগিৰি জনগণে অসম তথা পশ্চিমা-দক্ষিণ- পূৱ এছিয়া [ৱেছিয়া] অঞ্চলত বসবাস কৰা শিখ সকলৰ ওপৰত কোনো ধৰণৰ মানসিক অথবা শাৰীৰিক হাৰাশাস্তি চলোৱাৰ পৰা বিৰত আছিল। পৰৱৰ্ত্তী সময়ত অর্থাৎ ৩১ অক্টোবৰ ১৯৮৪ চনত ঔপনিৱেশিক ভাৰতৰ তদানীন্তন প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰা পিছমূহুৰ্ত্তত শিখ সকলক যিধৰণে বৰ্বৰভাবে হত্যা কৰা হৈছিল তেনে অগ্নিগর্ভা সময়ত অসম তথা পশ্চিমা-দক্ষিণ-পূৱ এছিয়া [ৱেছিয়া]ৰ কোনো এজন শিখ ব্যক্তিক হত্যা অসম কথা পশ্চিমা দানা সেই সময়ত অসম আৰু দিল্লী উভয়তে কংগ্ৰেছৰ চৰকাৰ কৰা কিম্বা হাৰাশাস্তি চলোৱাৰ উদাহৰণ নাই। যদিওবা সেই সময়ত অসম আৰু আছিল । আনকি স্বাধীনতাকামী শিখ সকলৰ বিৰুদ্ধে তেতিয়াৰ অসমৰ ৰাজনৈতিক নেতাসকলে বিৰূপ মন্তব্য কৰাৰ পৰাও বিৰত আছিল আৰু আজিও তাৰ ব্যতিক্ৰম নহয় । এয়াই হৈছে অসমৰ থলগিৰি জনগণৰ উদাৰতা তথা ইয়াৰ ৰীতি-নীতি ।

অতিসম্প্ৰতি সুদূৰ পঞ্জাৱৰ পৰা আনি ডিব্ৰুগড় কাৰাগাৰত প্ৰক্ষেপ কৰা ‘খালিস্তান তথা ৱাছি পঞ্জাৱ ডে’ৰ আঠগৰাকী সংগ্ৰামীক বৰ্বৰ অত্যাচাৰ চলোৱাৰ অৱকাশ নাই আৰু তেনে কোনো বা-বাতৰি আমাৰ দৃষ্টিগোচৰ হোৱা নাই যিটো অসমৰ থলগিৰি জনগণৰ ৰীতি-নীতিৰ পৰিপন্থী। আমি বিশ্বাস কৰোঁ, ওপৰত উল্লেখ কৰা ১৯৮৪ চনৰ পৰিৱেশ-পৰিস্থিতিৰ দৰে এতিয়াও অসমৰ পৰিস্থিতি অনুৰূপ হৈ থাকিব। কাৰণ অসমৰ থলগিৰি জনগণে শিখ সকলৰ বুৰঞ্জী জানে, বিপ্লৱ ভাল পাই, স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্ম বুজে। সেয়েহে ‘শিখ ফ’ৰ জাষ্টিছ’ সংগঠনৰ নেতা সকলক তেনে সকিয়নিমূলক তথা ভাবুকিভৰা মন্তব্যৰ পৰা বিৰত থাকি অতীতৰ সেই ভয়ঙ্কৰ পৰিস্থিতিত অসমৰ ৰাজনৈতিক নেতাসকলৰ লগতে জনগণৰ ভূমিকা সোঁৱৰি চাবলৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ তৰফৰ পৰা আহ্বান জনালোঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...