১/২ ইঞ্চি মাটিকলৈ যুঁজি থকাৰ অৰ্থ নাই, সকলো ভাৰতৰে মাটি : মুখ্যমন্ত্ৰী

গুৱাহাটী, ১০ আগষ্ট, NKTV: অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ পিছত আজি বিয়লিভাগত এখন সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় – যি JOINT STATEMENT দুয়ো ৰাজ্যই প্ৰকাশ কৰিলে, তাৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীৰো অৰিহণা আছে। ১ ইঞ্চি-২ ইঞ্চি মাটিকলৈ দুখন ৰাজ্যই যুঁজি থকাৰ কোনো অৰ্থ নাই, সকলো ভাৰতৰে মাটি। ইতিহাসত আমি কোনো ৰাজ্যৰ পৰা আমি অকণো মাটি বিচাৰি পোৱা নাই। ডিমাপুৰখন লৈ মই কি কৰিম? ডিমাপুৰ ভাৰতৰে মাটি।

মই যেতিয়াও দিল্লী আহোঁ, প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰো। NLFBৰ বহু ল’ৰা মূলসুঁতিলৈ ঘূৰি আহিছে। বড়োভূমিত সশস্ত্ৰ সংগ্ৰাম প্রায় শেষ হ’ল বুলি ক’ব পাৰোঁ। NRC reverification process আৰম্ভ হ’ব ক’ভিড মহামাৰীৰ পাছত। আজি নিশা ৮.৩০ বজাত অসমৰ সাংসদ সকলক সাক্ষাৎ কৰিম। শেহতীয়া অসম-মিজোৰামৰ সমস্যাক লৈ প্রধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে : মুখ্যমন্ত্ৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...