২ ছেপ্টেম্বৰত সূৰ্য অভিমুখে ৰাওনা হ’ব ‘আদিত্য L1’ মহাকাশযান

চন্দ্ৰজয় হৈ গ’ল, এতিয়া সূৰ্যলৈ হাত মেলিছে ISROই
২ ছেপ্টেম্বৰত সূৰ্য অভিমুখে ৰাওনা হ’ব ‘আদিত্য L1’ মহাকাশযান
শ্ৰীহৰিকোটাৰ পৰা PSLV ৰকেটৰে উৎক্ষেপণ কৰা হ’ব এই মহাকাশযান
সূৰ্যলৈ বুলি এইটো ভাৰতৰ প্ৰথমটো মহাকাশ অভিযান
‘আদিত্য L1’ অভিযানৰ গুৰুদায়িত্বত তেজপুৰ বিশ্ববিদ্যালয়ৰ যুৱ বিজ্ঞানী

চন্দ্ৰত সাফল্যৰ পিছত সূৰ্যলৈ যাব ভাৰতীয় মহাকাশযান। চন্দ্ৰযান ৩ৰ জোনবাইৰ বুকুত সফল অৱতৰণৰ পিছত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে সূৰ্যৰ প্ৰতি। চন্দ্ৰ অভিযানৰ সাফল্যৰে উৎফুল্লিত হৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা এতিয়া সাজু হৈছে সূৰ্য অভিযানৰ বাবে। ২ ছেপ্টেম্বৰত ISRO-এ প্ৰেৰণ কৰিব আদিত্য L1 মহাকাশযান।

অভিযানত আছে তেজপুৰ বিশ্ববিদ্যালয়ত গৱেষণাৰত যুৱ বিজ্ঞানী জন্মেজয় সৰকাৰ
আদিত্য L1 অভিযানৰ ৭টা PAYLOADS সৰঞ্জামৰ এটাৰ দায়িত্বত জন্মেজয়
জন্মেজয় তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানী ড০ কিশোৰ বৰুৱাৰ এজন ছাত্ৰ

এই দায়িত্ব লাভ কৰি যথেষ্ট উৎফুল্লিত জন্মেজয় সৰকাৰ। তেজপুৰ বিশ্ববিদ্যালয়ত Ph.Dৰ বাবে গৱেষণাৰত জন্মেজয় বৰ্তমান ব্যস্ত আদিত্য L1 অভিযানত। জন্মেজয়ৰ এই সাফল্যত উৎফুল্লিত জ্যোতিৰ্বিজ্ঞানী ড০ কিশোৰ বৰুৱা।

‘আদিত্য L1’এ সূৰ্যৰ কৰোনা ৰশ্মিৰ লগতে, ফটোস্ফেয়াৰ, ক্ৰ’ম’স্ফেয়াৰ অধ্যয়ন কৰিব
সূৰ্য-পৃথিৱীৰ মাজৰ মধ্যাকৰ্ষণহীন L1 শীৰ্ষক এটা স্থানত অৱস্থান কৰিব আদিত্যই
পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিব মহাকাশযানখনে
প্ৰায় ১২৭ দিনত গৈ লাগ্ৰেঞ্জ-1 শীৰ্ষক স্থানত অৱস্থান কৰিব ‘আদিত্য L1’এ
সৌৰশক্তি, সৌৰ ধুমুহাৰ বিষয়ে অধ্যয়ন কৰিব এই মহাকাশযানে

চন্দ্ৰৰ পিছত সূৰ্যলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰেৰণ কৰিবলৈ ওলোৱা এই মহাকাশযানক লৈ কি কয় জ্যোতিৰ্বিজ্ঞানী ড০ কিশোৰ বৰুৱাই?

চন্দ্ৰ অভিযানৰ মসৃণ সাফল্যৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ সূৰ্য অভিযানো সফল হওক এয়া ভাৰতবাসী মাত্ৰৰে কামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...