বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ বিৰতিৰ আনুষ্ঠানিক ঘোষণা ট্ৰাম্পৰ। X হেণ্ডলযোগে যুদ্ধ বিৰতিৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। যুদ্ধ বিৰতিৰ বাবে ইৰাণ–ইজৰাইলক ধন্যবাদ ড’নাল্ড ট্ৰাম্পৰ।

যুদ্ধ বিৰতিৰ পূৰ্বে আমেৰিকাৰ বায়ুসেনাৰ ঘাটিত প্ৰচণ্ড আক্ৰমণ ইৰাণৰ। কাটাৰ–ইৰাকত মাৰ্কিন সেনাৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ইৰাণৰ। কাটাৰৰ ডোহাত মাৰ্কিন সেনাৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে ইৰাণৰ ভয়াৱাহ আক্ৰমণ। যুদ্ধৰ ফলত বন্ধ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ আকাশমাৰ্গ। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ। ইৰাণৰ আক্ৰমণত মাৰ্কিন সেনাৰ ঘাটিত কোনো ক্ষতি নোহোৱাৰ দাবী ট্ৰাম্পৰ। ইৰাণৰ আক্ৰমণৰ পিছতেই দুয়োখন দেশৰ যুদ্ধ বিৰতিৰ ঘোষণা আমেৰিকাৰ। ট্ৰাম্পৰ দাবী ইৰাণ–ইজৰাইলৰ যুদ্ধই মধ্যপ্ৰাচ্যত ধ্বংসলীলাৰ সৃষ্টি কৰিলেহেঁতেন। দীৰ্ঘসময়ৰ বাবে এই যুদ্ধ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিলঃ ট্ৰাম্প। ট্ৰাম্পৰ ঘোষণাৰ পিছতেই X হেণ্ডলত প্ৰতিক্ৰিয়া আয়াতোল্লা খামেইনিৰ। খামেইনিৰ দাবী– ইৰাণৰ জনসাধাৰণে কেতিয়াও আত্মসমৰ্পণ নকৰে। ইৰাণ-ইজৰাইলৰ যুদ্ধক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল শংকাৰ। যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ আশংকাত শংকিত হৈ পৰিছিল বিশ্ব। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবীক নস্যাৎ ইৰাণৰ। বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ। ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ দাবী– যুদ্ধ বিৰতিৰ চুক্তি কৰা নাই ইৰাণে। ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘাছিৰ এই দাবী।

ইজৰাইলৰ আক্ৰমণ বন্ধ হ’লে যুদ্ধ বিৰতিৰ সিদ্ধান্ত বিবেচনা কৰিব ইৰাণে। আজি পুৱা পুনৰ ইৰাণত আক্ৰমণ ইজৰাইলৰ। ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ পৰমাণু বৈজ্ঞানিক। প্ৰত্যুত্তৰত ইজৰাইলৰ বিভিন্ন স্থানত আক্ৰমণ ইৰাণৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...