ইজৰাইলৰ টেল আভিভ, জেৰুজালেমত ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ!

ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ ফলত পশ্চিম এছিয়া অশান্ত হৈ আছে। ইৰাণে জেৰুজালেম আৰু টেল আভিভক লক্ষ্য কৰি একেৰাহে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে। ইজৰাইলেও প্ৰত্যাঘাত কৰিছে। শনিবাৰ আৰু ৰবিবাৰৰ মাজনিশা দুয়োখন দেশৰ বিস্তীৰ্ণ অঞ্চলত ক্ষেপণাস্ত্র বৰ্ষণ হৈছে। ইয়াৰ ফলত প্ৰচুৰ ক্ষয়-ক্ষতি হৈছে। ইৰাণৰ ক্ষেপণাস্ত্রৰ আঘাতত ইজৰাইলৰ দুখন ডাঙৰ চহৰত বহু অট্টালিকা ভাঙি পৰিছে। প্ৰশাসনে কেইবাজনো লোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। একেদৰে ইজৰাইলে ইৰাণৰ তেলৰ ভঁৰালক লক্ষ্য কৰি ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে। যদিও ইৰাণৰ চৰকাৰে এতিয়ালৈকে কোনো ডাঙৰ ক্ষতিৰ কথা স্বীকাৰ কৰা নাই, তথাপিও নিশাৰ আক্ৰমণত ইৰাণতো বহু লোকৰ মৃত্যু হৈছে।

ইজৰাইলৰ সামৰিক বাহিনীৰ মতে, শনিবাৰৰ নিশাৰ পৰা ৰবিবাৰৰ পুৱাৰ ভিতৰত ইৰাণৰ পৰা একেৰাহে ক্ষেপণাস্ত্র নিক্ষেপ কৰা হৈছে। কিছুমানৰ লক্ষ্য আছিল টেল আভিভ, আৰু কিছুমানৰ ৰাজধানী জেৰুজালেম। দুয়োখন চহৰতে ৰবিবাৰৰ পুৱাৰ পৰা চাইৰেন অবিৰতভাৱে বাজি আছে। ৰয়টাৰ্ছৰ মতে, টেল আভিভৰ আকাশত নিশা বহু ক্ষেপণাস্ত্র দেখা গৈছিল। প্ৰতিৰোধৰ পাছতো কেইবাটাও ইৰানী ক্ষেপণাস্ত্র ইজৰাইলৰ মাটিত পৰিছে। উত্তৰ ইজৰাইলত তিনিগৰাকী মহিলাৰ মৃত্যুৰ খবৰ নিশ্চিত হৈছে। আহতৰ সংখ্যা কমেও ১০জন। মধ্য ইজৰাইলত এটি ১০মহলীয়া অট্টালিকা ভাঙি পৰিছে।

ইজৰাইলৰ ক্ষেপণাস্ত্র নিশা তেহৰানৰ শাহৰান তৈলভঁৰালত পৰিছে। ছবিত দেখা গৈছে তেলৰ ভঁৰাল জ্বলি থকাৰ দৃশ্য। ইৰাণৰ মতে, পৰিস্থিতি নিয়ন্ত্রণত আছে। তেহৰানৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ ভৱনতো এটি ক্ষেপণাস্ত্র পৰিছিল, সামান্য ক্ষতি হৈছে। ইৰাণৰ ৰেভলিউশ্যনাৰী গাৰ্ডে জনাইছে যে, ইজৰাইলৰ যুদ্ধবিমানৰ ইন্ধন কেন্দ্র আৰু বিদ্যুৎ পৰিকাঠামোক লক্ষ্য কৰা হৈছিল।

পৰমাণু চুক্তিৰ বিষয়ে আমেৰিকাৰ সৈতে মীমাংসা নকৰাৰ বাবে ইজৰাইলে ইৰাণত আক্ৰমণ চলাইছিল। তাত চাৰিজন শীৰ্ষ সেনা বিষয়া আৰু কেইবাজনো পৰমাণু বিজ্ঞানীৰ মৃত্যু হৈছিল। ইৰাণেও প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এই আক্ৰমণক সমৰ্থন কৰিছে। ৰবিবাৰৰ বৈঠক ইৰাণে বাতিল কৰাৰ পাছত সংঘাত আৰু বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...