আজমলে নাজানে চেলেঙৰ গৰিমা!

এইবাৰ চেলেং দলিয়াই অসমীয়াৰ স্বাভিমানক চৰম আঘাত বদৰুদ্দিন আজমলৰ। আজমলৰ কাণ্ডত জাঙুৰ খাই উঠিছে দল-সংগঠন, অসমীয়া সমাজ। সংখ্যালঘুৰ মন জয় কৰিবলৈকে এই কাণ্ড বুলি ককৰ্থনা কৰিছে বহুতে। মৰিগাঁৱত আজমলৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ। আজমলক ৰক্ষণাবেক্ষণ AIUDF বিধায়কৰ। সাংসদ আজমলে অস্বীকাৰ কৰিলে সমগ্ৰ ঘটনা। ক’লে দলিয়াই দিয়া নাই। চেলেংখন মই উপহাৰহে দিছিলোঁ।

আজমলে নাজানে চেলেঙৰ গৰিমা!
এইবাৰ চেলেং দলিয়াই অসমীয়াক চূড়ান্ত অপমান
AIUDFৰ মূৰব্বীৰ কাণ্ডক ধিক্কাৰ সৰ্বত্ৰ
বিতৰ্ক সৃষ্টি কৰিবলৈকে পুনৰ তললৈ নামিল নেকি আজমল?

লাহৰীঘাটৰ এখন দলীয় সভাত এয়া সাংসদ বদৰুদ্দিন আজমল। আজমলক এইদৰে গামোচা-চেলেঙেৰে আদৰিছিল আয়োজকে। তেতিয়াই চেলেংখন তললৈ দলিয়াই দিলে আজমলে। লগেলগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এই ভিডিঅ’। এই ঘটনাই স্বাভিমানত আঘাত হানিছে অসমীয়াৰ। সৰ্বত্ৰ ক্ষোভ-প্ৰতিক্ৰিয়া।
সংখ্যালঘু ভোটাৰৰ মন জয় কৰিবলৈ হিন্দুৰ ধৰ্মীয় বস্ত্ৰক অপমান
বদৰুদ্দিন আজমলক অপাত্ৰ আখ্যা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ


নিৰ্বাচনৰ পূৰ্বে ভয় খাইছে আজমলে প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ
ৰকিবুল হুছেইনে ক’লে – হিমন্ত বিশ্ব শৰ্মাই যি শিকাই দিছে আজমলে তাকেই কৰিছে

সৰৱ বিধায়ক দিগন্ত কলিতা
অসমীয়া শিপিনীয়ে বোৱা চেলেং আজমলে দলিয়াইছে
সামাজিকভাবে বৰ্জন কৰিব লাগে আজমলক
আজমলৰ বিৰুদ্ধে মৰিগাঁৱত ৰুজু হ’ল গোচৰ
অসম সত্ৰ মহাসভাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি বিমল চন্দ্ৰ বৰকাকতিয়ে দিলে গোচৰ।
অসমীয়া জাতীয়সত্বাক অপমান কৰাৰ অধিকাৰ আজমলে ক’ত পালে?

আজমলৰ চেলেং বিতৰ্কক লৈ প্ৰতিক্ৰিয়া বিধায়ক নুৰুল হুদাৰ। আজমলে বিজেপিৰ লাভ হোৱা কাম কৰে। এ আই এ ইউ ডি এফে জন্মৰে পৰা বিজেপিৰ লাভ হোৱা কাম কৰি আহিছে। আজমলক গ্ৰেপ্তাৰৰ দাবী নুৰুল হুদাৰ।

আজমল হিমন্ত বিশ্বৰ এজেন্ট আখ্যা শংকৰজ্যোতি বৰুৱাৰ
আজমলৰ বিৰুদ্ধে সৰৱ প্ৰতিটো দল-সংগঠন

দেখদেখকৈ ঘটা ঘটনাটোৰ পাছতে হুজুৰক ৰক্ষণাবেক্ষণ দিয়াত ব্যস্ত এ আই ইউ ডি এফৰ নেতা-বিধায়কৰ।

বিধায়ক ৰফিকুল ইছলামে ক’লে-
চেলেং দলিয়াই দিয়া নাই
সন্মুখত থকা মহিলা এগৰাকীকহে আগবঢ়াই দিছিল

কৰিমুদ্দিন বৰভূঞায়ো ক’লে
এয়া মিছা কথা
চেলেংখন তেওঁ উপহাৰহে দিছিল

মুখ খুলিলে আজমলেও…
মই চেলেং দলিয়াই দিয়া নাই
এগৰাকী সন্মানীয় ব্যক্তিক মৰমত দিছোঁ

ঘটনাৰ ভিডিঅ’ক লৈ ব্যাপক চৰ্চা। ৰাজ্যজুৰি তুমূল বিতৰ্ক। ক্ষোভ-প্ৰতিক্ৰিয়া। এজাহাৰ। ইয়াৰ পাছত কি হ’ব?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অসমৰ সংৰক্ষিত বনাঞ্চলত ব্যাপক বেদখল : ২০২১ৰ পৰা ১০,৯০৫ হেক্টৰতকৈ অধিক মাটি উদ্ধাৰ

অসমত বৰ্তমান ৩২৩খন সংৰক্ষিত আৰু ১৩৪খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল...

ৰাজ্যৰ ৬খন জিলাৰ স্বাস্থ্যখণ্ডৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত প্ৰতি মাহতে অন্ততঃ এবাৰ বিধানসভা...

হিন্দী একমাত্ৰ ৰাজভাষাই নহয়, হিন্দী সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰস্থিত মেফেয়াৰ ৰিজৰ্টত...

কাৰোবাক ‘মিঞা-টিঞা’, ‘পাকিস্তানী’ বুলি কোৱাটো অপৰাধ নহয়: উচ্চতম ন্যায়ালয়

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে, কাৰোবাক ‘মিঞা-টিঞা’ বা...