আজমলে নাজানে চেলেঙৰ গৰিমা!

এইবাৰ চেলেং দলিয়াই অসমীয়াৰ স্বাভিমানক চৰম আঘাত বদৰুদ্দিন আজমলৰ। আজমলৰ কাণ্ডত জাঙুৰ খাই উঠিছে দল-সংগঠন, অসমীয়া সমাজ। সংখ্যালঘুৰ মন জয় কৰিবলৈকে এই কাণ্ড বুলি ককৰ্থনা কৰিছে বহুতে। মৰিগাঁৱত আজমলৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ। আজমলক ৰক্ষণাবেক্ষণ AIUDF বিধায়কৰ। সাংসদ আজমলে অস্বীকাৰ কৰিলে সমগ্ৰ ঘটনা। ক’লে দলিয়াই দিয়া নাই। চেলেংখন মই উপহাৰহে দিছিলোঁ।

আজমলে নাজানে চেলেঙৰ গৰিমা!
এইবাৰ চেলেং দলিয়াই অসমীয়াক চূড়ান্ত অপমান
AIUDFৰ মূৰব্বীৰ কাণ্ডক ধিক্কাৰ সৰ্বত্ৰ
বিতৰ্ক সৃষ্টি কৰিবলৈকে পুনৰ তললৈ নামিল নেকি আজমল?

লাহৰীঘাটৰ এখন দলীয় সভাত এয়া সাংসদ বদৰুদ্দিন আজমল। আজমলক এইদৰে গামোচা-চেলেঙেৰে আদৰিছিল আয়োজকে। তেতিয়াই চেলেংখন তললৈ দলিয়াই দিলে আজমলে। লগেলগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এই ভিডিঅ’। এই ঘটনাই স্বাভিমানত আঘাত হানিছে অসমীয়াৰ। সৰ্বত্ৰ ক্ষোভ-প্ৰতিক্ৰিয়া।
সংখ্যালঘু ভোটাৰৰ মন জয় কৰিবলৈ হিন্দুৰ ধৰ্মীয় বস্ত্ৰক অপমান
বদৰুদ্দিন আজমলক অপাত্ৰ আখ্যা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ


নিৰ্বাচনৰ পূৰ্বে ভয় খাইছে আজমলে প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ
ৰকিবুল হুছেইনে ক’লে – হিমন্ত বিশ্ব শৰ্মাই যি শিকাই দিছে আজমলে তাকেই কৰিছে

সৰৱ বিধায়ক দিগন্ত কলিতা
অসমীয়া শিপিনীয়ে বোৱা চেলেং আজমলে দলিয়াইছে
সামাজিকভাবে বৰ্জন কৰিব লাগে আজমলক
আজমলৰ বিৰুদ্ধে মৰিগাঁৱত ৰুজু হ’ল গোচৰ
অসম সত্ৰ মহাসভাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি বিমল চন্দ্ৰ বৰকাকতিয়ে দিলে গোচৰ।
অসমীয়া জাতীয়সত্বাক অপমান কৰাৰ অধিকাৰ আজমলে ক’ত পালে?

আজমলৰ চেলেং বিতৰ্কক লৈ প্ৰতিক্ৰিয়া বিধায়ক নুৰুল হুদাৰ। আজমলে বিজেপিৰ লাভ হোৱা কাম কৰে। এ আই এ ইউ ডি এফে জন্মৰে পৰা বিজেপিৰ লাভ হোৱা কাম কৰি আহিছে। আজমলক গ্ৰেপ্তাৰৰ দাবী নুৰুল হুদাৰ।

আজমল হিমন্ত বিশ্বৰ এজেন্ট আখ্যা শংকৰজ্যোতি বৰুৱাৰ
আজমলৰ বিৰুদ্ধে সৰৱ প্ৰতিটো দল-সংগঠন

দেখদেখকৈ ঘটা ঘটনাটোৰ পাছতে হুজুৰক ৰক্ষণাবেক্ষণ দিয়াত ব্যস্ত এ আই ইউ ডি এফৰ নেতা-বিধায়কৰ।

বিধায়ক ৰফিকুল ইছলামে ক’লে-
চেলেং দলিয়াই দিয়া নাই
সন্মুখত থকা মহিলা এগৰাকীকহে আগবঢ়াই দিছিল

কৰিমুদ্দিন বৰভূঞায়ো ক’লে
এয়া মিছা কথা
চেলেংখন তেওঁ উপহাৰহে দিছিল

মুখ খুলিলে আজমলেও…
মই চেলেং দলিয়াই দিয়া নাই
এগৰাকী সন্মানীয় ব্যক্তিক মৰমত দিছোঁ

ঘটনাৰ ভিডিঅ’ক লৈ ব্যাপক চৰ্চা। ৰাজ্যজুৰি তুমূল বিতৰ্ক। ক্ষোভ-প্ৰতিক্ৰিয়া। এজাহাৰ। ইয়াৰ পাছত কি হ’ব?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...