ছিপাঝাৰৰ বানেকুছিৰ কিশোৰ কলিতাৰ ঘৰত চাঞ্চল্য

চৰকাৰী শৌচাগাৰৰ টেংকিত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই ছিপাঝাৰৰ বানেকুছিত মংগলবাৰে নিশাই সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। নিশাই মৃতদেহটো উদ্ধাৰ কৰি বুধবাৰে মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। কিশোৰ কলিতা নামৰ স্থানীয় এজন ফলমূল ব্যৱসায়ীৰ ঘৰৰ চৰকাৰী শৌচাগাৰৰ টেংকিত উদ্ধাৰ হৈছিল মৃতদেহটো। এই চাঞ্চল্যকৰ ঘটনাক লৈ বুধবাৰে ছিপাঝাৰৰ বানেকুছিৰ ৰাইজে ৰাইজ মেলো পাতিলে। ৰাইজৰ দাবী- মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ হত্যাকাণ্ডৰ সৈতে কোনোপধ্যেই জড়িত নহয় কিশোৰ কলিতা। অজ্ঞাত লোকে যুৱতীগৰাকীক হত্যা কৰি সেই স্থানত পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।

চৰকাৰী শৌচাগাৰৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ
ছিপাঝাৰৰ বানেকুছিৰ কিশোৰ কলিতাৰ ঘৰত চাঞ্চল্য
বুধবাৰে যুৱতীগৰাকীৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
কিশোৰ কলিতাৰ সমৰ্থনত বানেকুছিত ৰাইজ মেল
যুৱতী হত্যাৰে জড়িত নহয় ফলমূল ব্যৱসায়ী কিশোৰঃ ৰাইজ
অজ্ঞাত লোকে হত্যা কৰি মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ

ছিপাঝাৰৰ বনেকুছিত ৰাইজ মেল। পুৱাই স্বত্বস্ফূৰ্তভাবে ওলাই আহিল বানেকুছিৰ স্থানীয় ৰাইজ আৰু নেতৃস্থানীয় লোকসকল। ৰাইজৰ মাজত চলিছে গুৰুগম্ভীৰ আলোচনা। ৰাইজ মেলত উপস্থিত NKTVৰ ছিপাঝাৰৰ সাংবাদিকৰ দলো। উপস্থিত সাংবাদিকক ৰাইজে ক’লে- ‘কিশোৰ কলিতাই হত্যা কৰা নাই’। ‘কিশোৰ কলিতাই হত্যা কৰিব নোৱাৰে’।

ৰাইজ মেলতে বহি আছে আলোচনাৰ কেন্দ্ৰবিন্দু কিশোৰ কলিতা নামৰ লোকজন। কিশোৰ কলিতাই সাংবাদিকক ক’লে- ৰাইজে ৰক্ষা কৰক মোক।

কি হৈছিল কিশোৰ কলিতাৰ ঘৰত?
মংগলবাৰৰ সন্ধিয়াৰ ঘটনা। ফলমূল ব্যৱসায়ী কিশোৰ কলিতাই প্ৰতিদিনৰ দৰেই সন্ধিয়া প্ৰায় ৮ মান বজাত ঘৰলৈ উভতিছিল। সন্ধিয়া গা-ধুবলৈ গৈ পত্নীৰ কথামতে শৌচাগাৰৰ কাষৰে এক উৎকট গোন্ধৰ উৎস বিচাৰে কিশোৰ কলিতাই। শৌচাগাৰৰ টেংকিত টৰ্চ মাৰি উচপ খাই উঠে কিশোৰ। শৌচাগাৰৰ টেংকিত যুৱতীৰ অৰ্ধগলিত মৃতদেহ।

সন্ধিয়া ছিপাঝাৰৰ বানেকুছিৰ ফলমূল ব্যৱসায়ী কিশোৰ কলিতাৰ ঘৰৰ শৌচাগাৰৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা এই খবৰ বনজুইৰ দৰে বিয়পি পৰিল। মৃতদেহ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ নিশাই কিশোৰ কলিতাৰ ঘৰত ৰাইজৰ ভিৰ। শৌচাগাৰৰ টেংকিত কেনেকৈ সোমাল যুৱতীৰ মৃতদেহ?
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়েও আৰম্ভ কৰিলে তদন্ত। মৃত যুৱতীগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। অঞ্চলটোৰ পৰা সন্ধানহীনো হৈ থকা নাই কোনো যুৱতী। নিশাই শৌচাগাৰৰ টেংকিৰ পৰা অচিনাক্ত যুৱতীগৰাকীৰ মৃতেদহটো উদ্ধাৰ কৰি বুধবাৰে মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। নিশাই গৃহস্থ কিশোৰ কলিতা আৰু প্ৰত্যক্ষদৰ্শীৰ জবানবন্দী গ্ৰহণ কৰে আৰক্ষীয়ে।

নিশাৰ এই ঘটনাই ছিপাঝাৰৰ বানেকুছিত সৃষ্টি কৰা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। গৃহস্থ কিশোৰ কলিতাৰ ঘৰত বুধবাৰে পুৱাৰে পৰা খবৰ লোৱা মানুহৰ লানি নিছিগা সোঁত। তাৰ পিছতে স্থানীয় এখন খেলপথাৰত আহ্বান কৰা হ’ল ৰাইজমেল। সকলোৰে মুখত এটাই কথা- তেনেই সাধাৰণ জীৱন যাপন কিশোৰ কলিতাৰ। কিশোৰে হত্যা কৰিব নোৱাৰে। ৰাইজৰ সন্দেহ- অজ্ঞাত লোকে হত্যা কৰিছে অচিনাক্ত যুৱতীগৰাকীক। হত্যা কৰি মৃতদেহ পেলাই দিছিল শৌচাগাৰৰ টেংকিত।

চাঞ্চল্যৰ ঘটনাটোক লৈ আৰক্ষীৰ প্ৰতি ছিপাঝাৰৰ বানেকুছিবাসীৰ নিৰপেক্ষ তদন্তৰ আহ্বান। তদন্তৰ নামত যেন অযথা হাৰাশাস্তি কৰা নহয় দৰিদ্ৰ ফলমূল ব্যৱসায়ী কিশোৰ কলিতাক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...