ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন হ’ল গুৱাহাটীৰ পানীখাইতিত থকা থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’ৰ নতুন ভবন। ব্ৰহ্মপুত্ৰৰ পাৰত অপৰূপ নৈসর্গিক শোভাৰ মাজত পানীখাইতিৰ হাতীশিলা গণেশ মন্দিৰৰ গাতে লাগি থকা পানচৈ ৰেষ্টুৰেণ্টখনৰ নতুন ভৱন মুকলি কৰে প্রবাসী ভাৰতীয় তথা এভাৰেষ্ট আৰোহী হেদায়ত আলীয়ে। এভাৰেষ্টসহ ৬খন মহাদেশৰ ৬টা শীর্ষ শিখৰ আৰোহন কৰিছে প্রবাসী অসমীয়া হেদায়ত আলীয়ে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লয় অৱসৰপ্ৰাপ্ত প্রশাসনিক বিষয়া স্বপ্ননীল বৰুৱা আৰু সাংবাদিক প্রণয় বৰদলৈয়ে।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত কল্লোল বৰঠাকুৰ, জিনা ৰাজকুমাৰী, ৰূপাংকিতা পাপৰি, পদ্মনাভ বৰদলৈ আদি শিল্পীৰ উপৰিও হোটেল উদ্যোগী দেৱ বৰঠাকুৰ, ইনষ্টিটিউট অব হোটেল মেনেজমেন্টৰ সঞ্চালক সুশান্ত চৌধুৰীসহ ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য যে ‘পানচৈ’ৰ স্বত্বাধিকাৰী অঞ্জলী বৰাই ইতিমধ্যে মহানগৰীত ‘ভোট জলকীয়া’ নামেৰে ৰেষ্টুৰেণ্ট এখন গঢ় দি থলুৱা সুস্বাদু খাদ্যৰ জুতি প্রদান কৰি অসমীয়া উদ্যমী মহিলা হিচাপে প্রতিষ্ঠা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...