ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন হ’ল গুৱাহাটীৰ পানীখাইতিত থকা থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’ৰ নতুন ভবন। ব্ৰহ্মপুত্ৰৰ পাৰত অপৰূপ নৈসর্গিক শোভাৰ মাজত পানীখাইতিৰ হাতীশিলা গণেশ মন্দিৰৰ গাতে লাগি থকা পানচৈ ৰেষ্টুৰেণ্টখনৰ নতুন ভৱন মুকলি কৰে প্রবাসী ভাৰতীয় তথা এভাৰেষ্ট আৰোহী হেদায়ত আলীয়ে। এভাৰেষ্টসহ ৬খন মহাদেশৰ ৬টা শীর্ষ শিখৰ আৰোহন কৰিছে প্রবাসী অসমীয়া হেদায়ত আলীয়ে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লয় অৱসৰপ্ৰাপ্ত প্রশাসনিক বিষয়া স্বপ্ননীল বৰুৱা আৰু সাংবাদিক প্রণয় বৰদলৈয়ে।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত কল্লোল বৰঠাকুৰ, জিনা ৰাজকুমাৰী, ৰূপাংকিতা পাপৰি, পদ্মনাভ বৰদলৈ আদি শিল্পীৰ উপৰিও হোটেল উদ্যোগী দেৱ বৰঠাকুৰ, ইনষ্টিটিউট অব হোটেল মেনেজমেন্টৰ সঞ্চালক সুশান্ত চৌধুৰীসহ ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য যে ‘পানচৈ’ৰ স্বত্বাধিকাৰী অঞ্জলী বৰাই ইতিমধ্যে মহানগৰীত ‘ভোট জলকীয়া’ নামেৰে ৰেষ্টুৰেণ্ট এখন গঢ় দি থলুৱা সুস্বাদু খাদ্যৰ জুতি প্রদান কৰি অসমীয়া উদ্যমী মহিলা হিচাপে প্রতিষ্ঠা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...