ৰাজস্থানত MiG-21 দুৰ্ঘটনাগ্ৰস্ত, পাইলট হৰছিট সিঙৰ সিনহাৰ মৃত্যু

ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ হৰছিট সিনহাৰ মৃত্যু। ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে নিশা প্রায় ৮:৩০ বজাত জয়ছালমীৰৰ ছেম আৰক্ষী থানাৰ অন্তৰ্গত ডেজাৰ্ট নেশ্যনেল পাৰ্কত প্রশিক্ষণৰ বাবে উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্রস্ত হয় যুঁজাৰু বিমানখন।

উল্লেখ্য যে চলিত বছৰটোতে দেশৰ বিভিন্ন অঞ্চলত দুৰ্ঘটনাগ্রস্ত হৈছে কেইবাখনো MiG-21 যুঁজাৰু বিমান। ফ্লাইং ক’ফিনৰূপে জনাজাত এই যুঁজাৰু বিমানখন ১৯৭১ৰ পৰা ২০১২লৈকে ৪৮২খন MiG-21 যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত এতিয়ালৈকে ১৭১ পাইলট, ৩৯ অসামৰিক লোক আৰু ৮জন আন লোকে প্রাণ হেৰুৱাব লগা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...