ৰাজস্থানত MiG-21 দুৰ্ঘটনাগ্ৰস্ত, পাইলট হৰছিট সিঙৰ সিনহাৰ মৃত্যু

0 415

ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ হৰছিট সিনহাৰ মৃত্যু। ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে নিশা প্রায় ৮:৩০ বজাত জয়ছালমীৰৰ ছেম আৰক্ষী থানাৰ অন্তৰ্গত ডেজাৰ্ট নেশ্যনেল পাৰ্কত প্রশিক্ষণৰ বাবে উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্রস্ত হয় যুঁজাৰু বিমানখন।

উল্লেখ্য যে চলিত বছৰটোতে দেশৰ বিভিন্ন অঞ্চলত দুৰ্ঘটনাগ্রস্ত হৈছে কেইবাখনো MiG-21 যুঁজাৰু বিমান। ফ্লাইং ক’ফিনৰূপে জনাজাত এই যুঁজাৰু বিমানখন ১৯৭১ৰ পৰা ২০১২লৈকে ৪৮২খন MiG-21 যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত এতিয়ালৈকে ১৭১ পাইলট, ৩৯ অসামৰিক লোক আৰু ৮জন আন লোকে প্রাণ হেৰুৱাব লগা হৈছে।

Leave A Reply

Your email address will not be published.