পেৰিছ অলিম্পিকৰ ৩২বিধ খেলৰ ১৬বিধত অংশ ল’ব ভাৰতে

১৯০০ চনৰ পৰা ২০২০। সুদীৰ্ঘ ১২০ বছৰীয়া ইতিহাসত ২৭খন অলিম্পিক গেমছত ভাৰতে অৰ্জন কৰিছে মাত্ৰ ৩৫টা পদক। ১০টা স্বৰ্ণ, ৯টা ৰূপ আৰু ১৬টা ব্ৰঞ্জ। ইয়াৰ ভিতৰত হকীতেই আছে ৮টা স্বৰ্ণ, এটা ৰূপ আৰু ৩টা ব্ৰঞ্জসহ সৰ্বমুঠ ১২টা পদক। ১৪০ কোটি জনসংখ্যাৰ এখন বিশাল দেশৰ বাবে বিশ্বৰ সৰ্বোচ্চ ক্ৰীড়ামঞ্চত এয়া অত্যন্ত  হতাশাজনক।

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ২০২৪ৰ পেৰিছ অলিম্পিক। এইবাৰো সাজু হৈছে ভাৰত। গেমছত হ’ব লগা ৩২বিধ খেলৰ ১৬বিধত অংশ ল’ব ভাৰতে। এথলেটিকছ, আৰ্চাৰী, বেডমিন্টন, হকী, শ্বুটিং, বক্সিং, ইকুৱেষ্ট্ৰিয়ান, গ’লফ, জুডো, ৰ’য়িং, ছেইলিং, সাঁতোৰ, টেবুল টেনিছ, লন টেনিছ, ভাৰোত্তলন আৰু কুস্তিত অংশ ল’ব ভাৰতীয় খেলুৱৈয়ে। আন ১৬ বিধ খেলৰ বাবে যোগ্যতাৰ পৰা বঞ্চিত হৈছে ভাৰতীয় খেলুৱৈসকল। অংশগ্ৰহণ কৰিবলগীয়া ১৬ বিধ খেলৰ বাবে ভাৰতীয় অলিম্পিক ফেডাৰেশ্যনে ইতিমধ্যেই পেৰিছলৈ প্ৰেৰণ কৰিছে ১১৭ জনীয়া এটা দল। এই ১১৭ জনীয়া দলৰ ভিতৰত আছে ৭ জন ৰিজাৰ্ভ খেলুৱৈ। হকীত তিনিগৰাকী, উভয় শাখাৰ ফ’ৰ ইনটু হাণ্ড্ৰেড মিটাৰ ৰীলে দলত দুগৰাকী আৰু টেবুল টেনিছত দুগৰাকী। এই তিনিবিধ খেলৰ মূল দলৰ কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হ’লেহে ৰিজাৰ্ভ হিচাপে থকা খেলুৱৈয়ে খেলাৰ যোগ্যতা অৰ্জন কৰিব।

১১৭ জনীয়া দলৰ ভিতৰত ২৯ গৰাকীৰে এথলেটিকছেই হ’ল সৰ্ববৃহৎ দল। ২১ গৰাকীৰে দ্বিতীয় সৰ্ববৃহৎ দল হ’ল শ্বুটিং দল। ১৯ গৰাকী খেলুৱৈৰে হকী দল হৈছে তৃতীয় সৰ্ববৃহৎ দল। অন্য খেলৰ ভিতৰত বেডমিন্টনত ৭ গৰাকী, আৰ্চাৰী, বক্সিং, কুস্তি, টেবুল টেনিছত ৬ গৰাকীকৈ, গ’লফত ৪ গৰাকী, টেনিছত ৩ গৰাকী, সাঁতোৰ, ছেইলিঙত দুগৰাকী আৰু জুডো, ৰ’য়িং, ভাৰোত্তলন, ইকুৱেষ্ট্ৰিয়ানত এগাৰকীকৈ খেলুৱৈ।

২০২১ বৰ্ষৰ ট’কিঅ’ অলিম্পিক গেমছত এটা স্বৰ্ণ, দুটা ৰূপ আৰু ৪ টা ব্ৰঞ্জসহ মুঠ ৭ টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দল। এয়াই আছিল যিকোনো এটা অলিম্পিক গেমছত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। তাৰ আগেয়ে লণ্ডন অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা আছিল দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ ৬ টা পদক। নিৰ্ধাৰিত সময়তকৈ এবছৰ পলমকৈ অনুষ্ঠিত ট’কিঅ’ অলিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শনে আশাৰ বতৰা কঢ়িয়াই আনিছিল। এইবাৰ ভৰতৰ লক্ষ্য কমেও ১০ টা পদক। বিগত ট’কিঅ’ অলিম্পিক গেমছত নিৰাশ কৰা অত্যন্ত প্ৰতিভাধৰ আৰু অভিজ্ঞতাৰে পৰিপুষ্ট শ্বুটিং দলে এইবাৰ চমক দেখুৱাব পাৰিলে পদকৰ সংখ্যাই ১৫ অতিক্ৰম কৰিলেও আচৰিত হ’বলগীয়া নাই।

বিগত তিনি বছৰত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত ব্যাপক উন্নতি হৈছে। বিদেশত অন্তিম প্ৰস্তুতি চলাই পেৰিছত সৰ্বস্ব উজাৰি দিবলৈ উদগ্ৰীৱ হৈ আছে ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ। কেন্দ্ৰীয় চৰকাৰে প্ৰতিগৰাকী খেলুৱৈৰ ইচ্ছা অনুসৰি বিদেশত প্ৰস্তুতি চলোৱাৰ ব্যৱস্থা কৰি দিছিল। অলিম্পিক প্ৰস্তুতিৰ নামতেই কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিছে ৪৭০ কোটি টকা।

ভাৰতৰ ১১৭ জনীয়া দলৰ কেইবাটাও বিভাগত আছে বিশ্বজয় কৰা খলুৱৈ। লগত আছে ট’কিঅ’ৰ পদকধাৰী নীৰজ চোপ্ৰা, পি ভি সিন্ধু, মীৰাবাঈ চানু আৰু অসম কন্যা লাভলীনা বৰগোহাঁই। এইবাৰ এই চাৰিগৰাকীৰ উপৰি পদক প্ৰাপ্তিৰ অন্যতম ফেভাৰিট বিক্সিঙত নিখাত জাৰিন, অমিত পাংগাল, কুস্তিত বিনেশ ফ’গাট, অন্তিম পাংগাল, টেনিছত ৰোহন বোপান্না আৰু শ্ৰীৰাম বালাজী, গ’লফত অদিতি অশোক, বেডমিন্টনত সৎৱিক ছৈৰাজ আৰু চিৰাগ ছেট্টী, শ্বুটিঙত মনু ভাকেৰ, আনিশ ভানৱালা, ঐশ্বৰ্য প্ৰতাপ সিং, ছিফট কৌৰ ছামৰা, অঞ্জুম মুদগিল। দলগত বিভাগত হকী, আৰ্চাৰীতো আছে সম্ভাৱনা।

প্ৰতিভাৰে ভাৰত বিশ্বসম। পিছে অলিম্পিকৰ উত্তেজনা সুকীয়া। সেই নিৰ্দিষ্ট দিনটোত স্নায়ুৰ চাপ বশ কৰি প্ৰদৰ্শন কৰিব পৰাতে আছে সাফল্যৰ চাবিকাঠী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...