পৃথিৱীত শত্ৰুতা, কিন্তু জোনবাইৰ বুকুত বন্ধুত্ব

ভাৰত আৰু চীনৰ আন্তৰ্জাতিক সীমা চিহ্নিত কৰিছে মেকমোহন লাইনে। এই আন্তৰ্জাতিক সীমান্তক লৈ দুয়োখন দেশৰ মাজত সৃষ্টি হৈ আহিছে ব্যাপক উত্তেজনাৰো। ভাৰতৰ অৰুণাচল প্ৰদেশ, ছিকিমৰ বহু এলেকা দাবী কৰিছে চীনে। উভয় দেশৰ মাজত অব্যাহত প্ৰৱল উত্তেজনাৰ মাজতে পৃথিৱীৰ বাহিৰত চীনৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াবলৈ প্ৰস্তুত হৈছে ভাৰত। ভৱিষ্যতে জোনবাইৰ বুকুত মানৱ উপনিৱেশ স্থাপনৰ সপোন দেখিছে পৃথিৱীৰ বিজ্ঞানীমহলে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত চীনৰ সৈতে ৰাছিয়াৰ আছে দীৰ্ঘদিনৰ সহযোগিতা।

ৰাছিয়াৰ পাৰমাণৱিক সংস্থা ROSATOMৰ বিশেষ উদ্যোগ চন্দ্ৰত পাৰমাণৱিক প্ৰকল্পৰ বাবে। এই প্ৰকল্পত উৎপাদন হ’ব অৰ্ধমেগাৱাট বিজুলী শক্তি। জোনবাইৰ পৃষ্ঠত স্থায়ী ঘাটিৰ বাবে প্ৰয়োজন হ’ব এই শক্তিৰ। এই প্ৰকল্প স্থাপনত সহযোগ কৰিবলৈ আগ্ৰহ প্ৰকাশ চীন আৰু ভাৰতৰ। ২০৫০ চনৰ ভিতৰত চীনত এটা স্থায়ী ঘাটি স্থাপনৰ সপোন ভাৰতৰ।

ৰাছিয়াই এই পাৰমাণৱিক প্ৰকল্প ২০৩৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। চীনে প্ৰস্তুত কৰি উলিয়াবলগীয়া এক ঘাটিলৈ শক্তি যোগান ধৰিব চন্দ্ৰপৃষ্ঠৰ এই পাৰমাণৱিক প্ৰকল্পই। চীন-ৰাছিয়াই জোনবাইৰ বক্ষত স্থাপন কৰিব এক আন্তৰ্জাতিক চন্দ্ৰ গৱেষণা কেন্দ্ৰ। ২০৩৫ৰ পৰা ২০৪৫ৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব এই গৱেষণা কেন্দ্ৰ।

চন্দ্ৰপৃষ্ঠত শক্তি উৎপাদন কৰিবলৈ অকল চীন, ৰাছিয়া, ভাৰতেই নহয়, আমেৰিকাৰ NASAয়ো শক্তি প্ৰকল্প স্থাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। সৌৰশক্তিৰ দ্বাৰা পৰিচালিত হ’ব জোনবাইৰ বক্ষৰ এই পাৰমাণৱিক প্ৰকল্প। জোনবাইৰ বক্ষত একেৰাহে ১৪টা দিন আৰু তাৰপিছত ১৪টা ৰাতি হয় বাবে সৌৰশক্তিৰে শক্তি উৎপাদনত আহি পৰিব পৰা প্ৰতিবন্ধকতাৰ বাবে এই পাৰমাণৱিক প্ৰকল্পৰ কথা চিন্তা কৰিছে চীন, ৰাছিয়া, ভাৰতে। পাৰমাণৱিক প্ৰকল্প হোৱা বাবে অতি সতৰ্কতাৰে আগবাঢ়িব বিচাৰিছে দেশকেইখনৰ বিজ্ঞানীসকলে। চীন-ভাৰতৰ সম্পৰ্ক তিক্ত হোৱা সত্বেও এই মহাজাগতিক সহযোগিতাৰ পৰা উভয় দেশ বিজ্ঞান -মহাকাশ গৱেষণাৰ দিশত যথেষ্ঠ উপকৃত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে ভূপৃষ্ঠৰ শত্ৰুতা এৰি চন্দ্ৰপৃষ্ঠত সহযোগিতাৰ হাত আগবঢ়াবলৈ সাজু হৈছে দুয়োখন দেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...