দলং ভাঙি নৈত সোমাল ১০খনকৈ বাহন

ভিয়েটনামত বিধ্বংসী ঘূৰ্ণি বতাহ য়াগীৰ প্ৰভাৱ। চকুৰ সন্মুখতে খহি পৰিল বৃহৎ দলং। দলঙৰ সৈতে তলত পৰিল এখন ট্ৰাক। কেৱল সেয়াই নহয়, দলং খহি পৰাত নৈত বাগৰি পৰে কমেও ১০খনকৈ গাড়ী। সোমবাৰে পুৱা ভিয়েটনামৰ ফুথো প্ৰদেশত সংঘটিত হয় এই ঘটনা। এই দুৰ্ঘটনাৰ পিছতে সন্ধানহীন ১৩ জনকৈ লোক। মুহূৰ্ততে নিশ্চিহ্ন হৈ পৰে ৩৭৫ মিটাৰ দৈৰ্ঘৰ দলঙখন। য়াগীৰ প্ৰভাৱত দেশখনত মৃত্যু হয় কমেও ৮২জন লোকৰ। ঘৰ-দুৱাৰ, যান-বাহন, দলং, গছ-গছনি উৰুৱাই নিয়ে য়াগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...