মাতৃ-কন্যাক আশীৰ্বাদ দিবলৈ হাস্পতাল পালেগৈ আম্বানী

৮ ছেপ্টেম্বৰত প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’ল বলীউডৰ ষ্টাৰ দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং। দক্ষিণ মুম্বাইৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত সন্তান জন্ম দিয়ে দীপিকাই। উক্ত চিকিৎসালয়খনৰ স্বত্বাধিকাৰী মুকেশ আম্বানী আৰু নীতা আম্বানী।

সোমবাৰে নিশা চিকিৎসালয়ৰ বাহিৰত দেখা গ’ল মুকেশৰ গাড়ী। কটকটীয়া নিৰাপত্তাৰ মাজৰে চিকিৎসালয়ত প্ৰৱেশ ধনকুবেৰৰ।

দীপিকা আৰু নৱজাতকক চাবলৈ চিকিৎসালয়লৈ গৈছিল মুকেশ আম্বানী। আম্বানী পৰিয়ালৰ সৈতে দীৰ্ঘদিনীয়া সু-সম্পৰ্ক আছে ৰণবীৰ-দীপিকাৰ। অনন্ত আম্বানীৰ বিয়াৰ প্ৰতিটো অনুষ্ঠানতে দেখা গৈছিল ৰণবীৰ-দীপিকাক। প্ৰায় প্ৰতিটো অনুষ্ঠানতে নাচ-গান কৰা দেখা গৈছিল ৰণবীৰক।

৬ ছেপ্টেম্বৰত সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰিছিল ৰণবীৰ-দীপিকাই। ৭ ছেপ্তেবৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দীপিকাক। ৮ ছেপ্টেম্বৰত জন্ম হৈছিল এগৰাকী কন্যা সন্তান।

পিতৃ হোৱাৰ পিছত ৰাজহুৱা স্থানত দেখা নাই ৰণবীৰ সিঙক। খবৰ অনুসৰি কিছুদিন চিকিৎসালয়ত কটোৱাৰ পিছত পত্নী আৰু সন্তানক লৈ ঘৰলৈ উভতিব ৰণবীৰ। সম্প্ৰতি অভিনয়ৰ পৰা বিৰতিত আছে ৰণবীৰ-দীপিকা। দীপাৱলীৰ সময়ত ‘সিংহাম এগেইন’ত দেখা যাব তাৰকাদ্বয়ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...