মাতৃ-কন্যাক আশীৰ্বাদ দিবলৈ হাস্পতাল পালেগৈ আম্বানী

৮ ছেপ্টেম্বৰত প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’ল বলীউডৰ ষ্টাৰ দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং। দক্ষিণ মুম্বাইৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত সন্তান জন্ম দিয়ে দীপিকাই। উক্ত চিকিৎসালয়খনৰ স্বত্বাধিকাৰী মুকেশ আম্বানী আৰু নীতা আম্বানী।

সোমবাৰে নিশা চিকিৎসালয়ৰ বাহিৰত দেখা গ’ল মুকেশৰ গাড়ী। কটকটীয়া নিৰাপত্তাৰ মাজৰে চিকিৎসালয়ত প্ৰৱেশ ধনকুবেৰৰ।

দীপিকা আৰু নৱজাতকক চাবলৈ চিকিৎসালয়লৈ গৈছিল মুকেশ আম্বানী। আম্বানী পৰিয়ালৰ সৈতে দীৰ্ঘদিনীয়া সু-সম্পৰ্ক আছে ৰণবীৰ-দীপিকাৰ। অনন্ত আম্বানীৰ বিয়াৰ প্ৰতিটো অনুষ্ঠানতে দেখা গৈছিল ৰণবীৰ-দীপিকাক। প্ৰায় প্ৰতিটো অনুষ্ঠানতে নাচ-গান কৰা দেখা গৈছিল ৰণবীৰক।

৬ ছেপ্টেম্বৰত সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰিছিল ৰণবীৰ-দীপিকাই। ৭ ছেপ্তেবৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দীপিকাক। ৮ ছেপ্টেম্বৰত জন্ম হৈছিল এগৰাকী কন্যা সন্তান।

পিতৃ হোৱাৰ পিছত ৰাজহুৱা স্থানত দেখা নাই ৰণবীৰ সিঙক। খবৰ অনুসৰি কিছুদিন চিকিৎসালয়ত কটোৱাৰ পিছত পত্নী আৰু সন্তানক লৈ ঘৰলৈ উভতিব ৰণবীৰ। সম্প্ৰতি অভিনয়ৰ পৰা বিৰতিত আছে ৰণবীৰ-দীপিকা। দীপাৱলীৰ সময়ত ‘সিংহাম এগেইন’ত দেখা যাব তাৰকাদ্বয়ক।

Popular

More like this
Related

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...