গীত-মাত, ছবিৰে বিপ্লৱ আনিব পাৰিনে?

কলাৰে বিপ্লৱ। গীত-মাত, ছবিৰে বিপ্লৱ আনিব পাৰিনে? কলাৰে জগাব পাৰিনে শুই থকা ৰজা-মন্ত্ৰীক? ফলাফল যিয়েই হওক, কলাৰ মন্দিৰত কলাৰেই প্ৰতিবাদ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। গীত-মাত, ছবিৰে ন্যাযৰ দাবীত মুখৰ চাৰু-কাৰু কলা মহাবিদ্যালয়। বশিষ্ঠস্থিত চৰকাৰী কলা মহাবিদ্যালয়খনত একোৱেই নাই! দীৰ্ঘদিনে নাই সবল আন্তঃগাঁথনি, নাই পৰ্যাপ্ত পোহৰ, নাই ফেন স্ৰাৱগাৰৰ ক্ষেত্ৰটো অজস্ৰ অসুবিধা, নাই সুপৰিকল্পিত প্ৰসাধন কক্ষ।

সেই অসুবিধাসমূহ দূৰীকৰণৰ দাবীৰেই সোমবাৰেও প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে। মঙলবাৰে দিনতো মহাবিদ্যালয়খনৰ সন্মুখত বহি, গেটত তলা লগাই কলাত্মক প্ৰতিবাদ শিক্ষাৰ্থীসকলৰ। হাতে হাতে কোনোবাই লৈ আনিলে গীটাৰ, বাঁহী, ঘনবাদ্য। কোনোৱে হাতত তুলি ল’লে তুলিকা। কৰবাত কোৱা হ’ল — আমাক ছবি আঁকিবলৈ দিয়ক। ক’ৰবাত লিখি দিলে — শিক্ষাৰ দাবী মানে মৌলিক অধিকাৰৰ দাবী। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক লৈ চিত্ৰৰেই প্ৰতিবাদী ভাষা উচ্চাৰিলে তেওঁলোকে। ক’ৰবাত ওলমাই দিয়া হল কিছু ব্যংগ চিত্ৰও।

১৯৯৯ চনতে স্থাপন হৈছিল মহাবিদ্যালয়খন। দুটা দশকৰ পিছতো এনে অৱহেলা, এনে অনীহাৰ বাবে দুখ প্ৰকাশ কৰিছে শিক্ষা প্ৰতিষ্ঠানখনত অধ্যয়নৰত শিক্ষাৰ্থীসকলে।

বিভাগীয় কৰ্তৃপক্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আশ্বাস দিছে ৩ দিনৰ ভিতৰত সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব। কিন্তু এইয়া এটা চেষ্টা কৰিবলগীয়া বিষয়নে?

পুৱাৰ ভাগৰ পৰাই প্ৰতিবাদত বহিল শিক্ষাৰ্থীসকল। গুণগুণালে মানুহে মানুহৰ বাবে। আন ৰাজ্যৰ তুলনাত আজিও অসমত কলা মহাবিদ্যালয় কম, চিত্ৰকৰৰ সংখ্যা তাকৰ, এমুঠিমান কলাৰ প্ৰকৃত শিক্ষা লোৱা মানুহ, অধিকাংশই ভেজাল। তেনেস্থলত এই গুৰুত্বপূৰ্ণ শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰতি দৃষ্টি দিয়াটো চৰকাৰৰ কৰ্তব্য হোৱা উচিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...