জ্বলিয়েই আছে মণিপুৰ

মণিপুৰ জ্বলিছে। জ্বলিয়েই আছে মণিপুৰ। আৰু কিমান দিনলৈ জ্বলিব চুবুৰীয়া ৰাজ্যখন? সোমবাৰে ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ আহি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিলে প্ৰতিবাদকাৰীয়ে। ৰাজভৱনৰ সন্মুখত একাংশই জ্বলাই দিলে যান-বাহন। এই ভয়াৱহ পৰিস্থিতিৰ পিছতে মণিপুৰত ৫ দিনৰ বাবে কৰ্তন কৰা হৈছে ইন্টাৰনেট, মোবাইল ডাটা। দুদিনৰ বাবে অৰ্থাৎ বুধবাৰ আৰু বৃহস্পতিবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। জাৰি কৰা হৈছে সান্ধ্য আইন। মণিপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসহ শ শ লোকে ৰাজভৱনলৈ বুলি যাত্ৰা কৰাৰ সময়তে ভয়াৱহ হৈ পৰে পৰিস্থিতি। আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদে হিংসাত্মক ৰূপ লয়। অতি কমেও ৪০গৰাকী ছাত্ৰ–ছাত্ৰী আহত হৈছে এই ঘটনাত। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক অপসাৰণৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে ৰাজভৱন যাত্ৰা কৰিছিল। ইয়াৰ পূৰ্বে সোমবাৰে নিশা ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ মহিলা। জোঁৰ লৈ প্ৰতিবাদ কৰে মহিলাসকলে। মণিপুৰত শান্তি স্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীয়ে আক্ষেপ কৰিলে ভাৰত মাতৃভূমি হ’লেও মণিপুৰে প্ৰাপ্য মযাৰ্দা পোৱা নাই। মণিপুৰক অৱহেলা কৰিছে কেন্দ্ৰই। যাৰবাবেই আজিৰ এই পৰিস্থিতি।

মণিপুৰক সলনি কৰাৰ আহ্বান প্ৰতিবাদকাৰীৰ। মণিপুৰক অৱহেলিত কৰি নাৰাখিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে। বিভিন্নজনৰ অভিযোগ- মণিপুৰত এতিয়া ছিৰিয়া, বাংলাদেশৰ দৰে পৰিস্থিতি। ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীৰ গাড়ী দেখিলে খেদি আহে। আৰক্ষীৰ গাড়ীলৈ লক্ষ্য কৰি কৰে শিলাবৰ্ষণ। আজি ১৬ মাহে মণিপুৰত এই পৰিস্থিতি।

যোৱা এসপ্তাহ ধৰি পুনৰ জ্বলি উঠিছে মণিপুৰ। কুকি উগ্ৰপন্থীয়ে CRPF, আৰক্ষী শিবিৰৰ লগতে মেইটেই বসতিপ্ৰধান অঞ্চলত আক্ৰমণ চলাইছে। যোৱা শুকুৰবাৰৰ পৰা ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিছে। আৰক্ষীৰ সৈতে সংঘাতৰো সৃষ্টি হৈছে। ঠায়ে ঠায়ে একাংশ প্ৰতিবাদকাৰী ছাত্ৰই ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ সলনি উত্তোলন কৰিছে মেইটেই সকলৰ পতাকা। এনে অৱস্থাত প্ৰশ্ন হৈছে- মণিপুৰবাসীয়ে কেন্দ্ৰৰ ওপৰত বিশ্বাস হেৰুৱাইছে নেকি?
এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে চৰকাৰ প্ৰশাসন, নিৰাপত্তাৰক্ষীৰ এনে আশ্বাস দিছে মণিপুৰলৈ পুনৰ শান্তি ঘূৰি আহিব। কিন্তু এই আশ্বাসে কামত দিয়া নাই। মুখ্যমন্ত্ৰী এন বীৰেণছিঙে সৰ্বোচ্চ ক্ষমতা বিচাৰিছে মণিপুৰত শান্তি স্থাপনৰ বাবে। মণিপুৰৰ বাবে NRC লাগে বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰীজনে। মণিপুৰৰ এই পৰিস্থিতিক লৈ ৰাজনীতিও হৈছে। শাসক–বিৰোধীসকলোৱে ৰাজনীতি কৰিছে মণিপুৰক লৈ । কিন্তু বেদনা সহিবলগীয়া হৈছে মণিপুৰবাসীয়ে। কেতিয়াবা কুকিয়ে কেতিয়াবা মেইটেইৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উঠিছে। দুই জনগোষ্ঠীৰ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ-শস্ত্ৰৰে কৰি আছে আক্ৰমণ–প্ৰত্যাক্ৰমণ। এতিয়া এটাই প্ৰশ্ন– কেতিয়ালৈ এই ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্তি পাব মণিপুৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...