য়’নেক্স-ছানৰাইজ উঃপূঃ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনত ৯টা সোণসহ অসমৰ ১৬টা পদক অৰ্জন

য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনৰ সামৰণি

৯টা সোণসহ অসমৰ ১৬টা পদক অৰ্জন

চাৰিটা সোণ লাভেৰে শান্তিপ্ৰিয়াৰ চমক, ত্ৰিমুকুট অৰ্জন ময়ূৰী-মনালী-ভৱিষ্যাৰ

বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে নটা সোণসহ মুঠ ১৬ টা পদক জয় কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়৷ আয়োজক ৰাজ্যখনে চাৰিটা ৰূপ তথা তিনিটা ব্ৰঞ্জৰ পদক জয় কৰে৷

অসমৰ এই সফলতাত সৰ্বাধিক অৰিহনা আগবঢ়ায় ৰাজ্যৰ নৱাগতা শ্বাটলাৰ শান্তিপ্ৰিয়া হাজৰিকাই৷ মুঠ চাৰিটা সোণ লাভ কৰি উজ্বলি উঠে শান্তিপ্ৰিয়া৷ উল্লেখ্য যে মহিলাৰ দলীয় শাখাৰ নিৰ্ণায়ক তৃতীয়খন একক শাখাৰ মেচত জয়লাভ কৰি অসমক প্ৰথমটো সোণ দিয়া শান্তিপ্ৰিয়াই জুনিয়ৰ ছোৱালীৰ দলীয় শাখাৰ ফাইনেলতো একক আৰু ডাবলছ শাখাৰ মেচত জয়ৰে দ্বিতীয়টো সোণ অৰ্জন কৰিছিল৷

যোৱানিশা শান্তিপ্ৰিয়াই আৰু দুটা সোণ লাভ কৰে৷ ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ একক শাখাৰ খিতাপ জয় কৰাৰ পাছত শান্তিপ্ৰিয়াই জুনিয়ৰ ছোৱালীৰ ডাবলছ শাখাৰো সোণ লাভ কৰে৷ ইফালে, পুৰুষ শ্বাটলাৰৰ দুৰ্বল প্ৰদৰ্শনৰ বিপৰীতে প্ৰতিযোগিতাত শান্তিপ্ৰিয়াৰ লগতে অসমৰ আন তিনিগৰাকী মহিলা শ্বাটলাৰ উজ্বলি উঠে৷ স্মৰ্তব্য যে তিনিটাকৈ সোণ লাভ কৰিবলৈ সক্ষম হয় তিনি অসম কন্যা ময়ূৰী বৰ্মন, মনালী বৰা আৰু ভাৱিষ্যা চাংমাই৷

ময়ূৰীয়ে মহিলাৰ একক, ডাবলছ আৰু দলীয় শাখাত সোণ লাভ কৰাৰ বিপৰীতে মনালীয়ে মহিলাৰ দলীয়, ডাবলছ আৰু মিক্সড ডাবলছত সোণ অৰ্জন কৰে৷ ইফালে, ভাৱিষ্যাই ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ দলীয়, ডাবলছ আৰু মিক্সড ডাবলছৰ সোণ হস্তগত কৰে৷

প্ৰতিযোগিতাত পুৰুষ আৰু জুনিয়ৰ ল’ৰাৰ একক তথা দলীয় শাখাত অসমে সোণ লাভ কৰাত ব্যৰ্থ হ’লেও সংগ্ৰাম চুতীয়াই পুৰুষৰ ডাবলছ আৰু মিক্সড ডাবলছত দুটা সোণ জয় কৰে৷ একেদৰে নিবিৰ ৰঞ্জন চৌধুৰীয়ে পুৰুষৰ ডাবলছ আৰু শুভাংকৰ দত্তই জুনিয়ৰ মিক্সড ডাবলছত সোণ অৰ্জন কৰে৷

প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ, কোষাধ্যক্ষ গৌতম মহন্তসহ বিষয়বৱীয়াসকল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত...

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...