মিছ ইউনিভাৰ্ছ হাৰ্নাজ সান্ধুক ফাইনেলত কি সোধা হৈছিল?

২১ বছৰীয়া বিৰতিৰ অৱসান ঘটনাই পুনৰ ভাৰতলৈ ঘূৰি আহিল ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট। ২০০০ চনত লাৰা দত্তই খিতাপ দখলৰ পিছত কোনো ভাৰতীয়ই দখল কৰিব পৰা নাছিল মিছ ইউনিৰ্ভাৰ্ছৰ খিতাপ। ১৩ ডিচেম্বৰৰ পুৱাই আহিল ভাল খবৰ। ১৩০ কোটি ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাই উজলি উঠিল পঞ্জাৱৰ এইগৰাকী যুৱতী। ইজৰাইলত অনুষ্ঠিত প্ৰতিযোগিতাখন যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল। কভিডকালীন পৰিস্থিতিৰ অৱসান ঘটাৰ লগে লগে অনুষ্ঠিত এই প্ৰতিযোগিতাখন বিশ্বব্যাপী লাইভ ষ্ট্ৰীম কৰা হৈছিল। প্ৰতিযোগিতাখনত ভাৰতে শ্ৰেষ্ঠত্ব অৰ্জনৰ পিছতে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাই। ২০২০ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ বিজয়ী এণ্ড্ৰিয়া মেজাই সান্ধুক প্ৰদান কৰে বিজয়ৰ হীৰাখচিত মুকুট।

ফাইনেলত হাৰ্নাজ সান্ধুক সোধা হৈছিল, “আজি তেওঁলোকে সন্মুখীন হোৱা চাপৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে চোৱা যুৱতীসকলক আপুনি কি পৰামৰ্শ দিব”। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰত্যয়েৰে উত্তৰ দিছিল সান্ধুৱে-“আজিৰ যুৱক-যুৱতীসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ চাপ হৈছে বিশ্বাস কৰা। আপুনি অতুলনীয় বুলি যদিহে নিজকে অনুভৱ কৰে, তেন্তে আপোনাক ধুনীয়া কৰি তোলে। আনৰ সৈতে নিজকে প্ৰতিযোগিতা কৰা বন্ধ কৰক আৰু বিশ্বজুৰি ঘটি থকা অধিক গুৰুত্বপূৰ্ণ বস্তুৰ বিষয়ে কথা পাতো আহক। সাহসেৰে বাহিৰলৈ ওলাই আহি ঠিয় হওক, নিজৰ বাবে কওঁক, কিয়নো আপুনিয়েই আপোনাৰ জীৱনৰ লীডাৰ। আপুনিয়েই আপোনাৰ নিজৰ কণ্ঠস্বৰ। মই মাইচেলফ বা নিজৰ ওপৰত বিশ্বাস কৰো আৰু সেই বাবেই মই আজি ইয়াত থিয় হৈ আছোঁ।” উত্তৰটো শুনাৰ লগে লগে হাত চাপৰিৰ জোৱাৰ উঠিছিল। ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই দখল কৰিবলৈ সক্ষম হৈছিল মিছ ইউনিভাৰ্ছৰ সন্মান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...