মহম্মদ ছামীৰ কামবেক, বাদ পৰিল মহম্মদ ছিৰাজ…চেম্পিয়নছ ট্ৰফীক লৈ BCCI-এ দিলে চমক!

বিচিচিআই-এ শনিবাৰে চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰে। দলটোৰ অধিনায়ক হিচাপে থাকিব ৰোহিত শৰ্মা, উপ-অধিনায়ক হ’ব শুবমান গীল। ফাষ্ট বলাৰ মহম্মদ ছামীয়ে দলত সুযোগ লাভ কৰিছে। ২০২৩ চনৰ নৱেম্বৰৰ পৰা আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছিল ছামী।

বিচিচিআইয়ে আজি মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত এখন সংবাদমেলত ১৫ জনীয়া দলটোৰ কথা ঘোষণা কৰে। সংবাদমেলত অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰ উপস্থিত আছিল।

১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ পাকিস্তান আৰু ইউ এ ইৰ ৪খন চহৰত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ। ইয়াৰ ভিতৰত আছে লাহোৰ, কৰাচী, ৰাৱলপিণ্ডি আৰু ডুবাই। ভাৰতীয় দলৰ সকলো খেল ডুবাইত অনুষ্ঠিত হ’ব।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত ভাৰতীয় দলটো হৈছে-

ৰোহিত শৰ্মা (অধিনায়ক)
বিৰাট কোহলি
শুভমন গীল
যশস্বী জয়ছোৱাল
কে এল ৰাহুল
শ্ৰেয়াছ আয়াৰ
হাৰ্দিক পাণ্ডিয়া
মহম্মদ ছামী
অৰ্শ্বদীপ সিং
ঋষভ পণ্ট
যশপ্ৰীত বুমৰাহ
ৰবীন্দ্ৰ জাডেজা
অক্ষৰ পেটেল
ৱাশ্বিংটন সুন্দৰ
কুলদ্বীপ যাদৱ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...