ক’ভিড টীকাকৰণৰ বিষয়টোক বিশেষ অভিযান হিচাপে গণ্য কৰিবলৈ আহ্বান জে পি নাড্ডাৰ

গুৱাহাটী, ৩০ জুন, NKTV: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ক’ভিড টীকাকৰণৰ বিষয়টোক বিশেষ অভিযান হিচাপে গণ্য কৰিবলৈ আহ্বান জনাইছে। অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত ভাৰ্ছুৱেল ব্যৱস্থাৰে সম্বোধন কৰি নাড্ডাই মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতিক প্ৰতিষেধক প্ৰদান অভিযানত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে ৩৫ হাজাৰ কোটি টকা আবণ্টন দিছে। ভাৰতৰ ক’ভিড প্ৰতিষেধক অভিযান বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুত ছিটাকৰণ অভিযান বুলি উল্লেখ কৰি নাড্ডাই কয় যে ভাৰতে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ব্ৰিটেইনতকৈ অধিক সংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে এসপ্তাহৰ ভিতৰতে চিকিৎসাৰ কামত ব্যৱহৃত অক্সিজেনৰ নাটনিৰ জোৰা মৰাৰ বাবে পদক্ষেপ লোৱা বুলি নাড্ডাই কয়। প্ৰতিষেধক প্ৰদান অভিযান সন্দৰ্ভত বিৰোধী দলসমূহে গ্ৰহণ কৰা স্থিতিৰ সমালোচনা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে একমাত্ৰ বিজেপি কৰ্মীসকলেহে জনসাধাৰণক এই ক্ষেত্ৰত সহায় কৰিছে। তেওঁ কয় যে প্ৰতিষেধক প্ৰদানৰ উপৰি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ যোগেদি জনসাধাৰণক সহায় কৰাৰ বাবে মোদীয়ে পদক্ষেপ লৈছে। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত দলটোলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে অসমৰ জনসাধাৰণক নাড্ডাই ধন্যবাদ জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...