প্ৰথম টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় টীম ইণ্ডিয়াৰ

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ত ৫০ ৰানৰ বৃহৎ জয় ‘মেন ইন ব্লু’ৰ। প্ৰথমে বেট ধৰি ভাৰতে ১৯৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে।

ইপিনে সূৰ্য কুমাৰ যাদৱ আৰু দীপক হুডাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত ইংলেণ্ডক ১৯৮ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়। লক্ষ্য অনুসৰণ কৰি ১৯.৩ অভাৰত ১৪৮ ৰানত অল আউট হয় ইংলেণ্ডে।

ভাৰতৰ হৈ বলিঙত হাৰ্ডিক পাণ্ডিয়াই নিজৰ চাৰি অভাৰত মুঠ ৩৩ ৰাণ দি চাৰিটা উইকেট দখল কৰে। ইপিনে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ প্ৰথমখন মেচ খেলা আৰ্শদীপ সিঙে দুটা উইকেট দখল কৰিবলৈ সক্ষম হয়।

আনহাতে দ্বিতীয়খন টি-২০ খেল কাইলৈ এজবাষ্টনত অনুষ্ঠিত হ’ব যত বিৰাট কোহলীকো টীম ইণ্ডিয়াত দেখা পাব অনুৰাগীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চলি আছিল বনভোজ, কিন্তু হঠাৎ আলহী হৈ আহিল গজৰাজ

চলি আছিল বনভোজ। মাছে-মাংসই এসাজ খাবলৈ সাজু হৈছিল সকলো।...

মৰাণৰ ৰাণী পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

মৰাণৰ ৰাণী পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মধুকৰ মাৰ’দিয়া নামৰ...

স্বামী নথকাৰ সুযোগতে মহিলাক ধ*ৰ্ষণ, এ*চিড ঢালি হ*ত্যাৰ চেষ্টা

ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণৰ ঘটনা। স্বামী নথকাৰ সুযোগতে ঘৰত...

আৰক্ষীৰ গুলীত আহত চিলনী চোৰ

গুৱাহাটীত পুনৰ আৰক্ষীৰ গুলীচালনা। চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ...