চৰকাৰে আমাৰ দাবী মানিবই লাগিব, অনিৰ্দিষ্টকালীন ধৰ্মঘট

আজিৰে পৰা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীসকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ আহ্বান মৰ্মে জিলাই জিলাই অসহযোগ কৰ্মবিৰতি পালন কৰিছে গৃহৰক্ষীসকলে।

সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ গোৱালপাৰা জিলা সমিতিয়েও জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগনত পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি পালন কৰি ধৰ্মঘটত বহিছে ।

গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়াকৰণ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা ৰাজ্য চৰকাৰে গৃহৰক্ষী সকলক তৎকালীন ভাৱে আদায় দিয়া আৰু গৃহৰক্ষী যোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডিপ্লয়মেণ্ট চিষ্টেম অতি সোনকালে বন্ধ কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...