বগা ঘোঁৰা দেখি ৰাইজৰ মাজত লাগিল হুৱা-দুৱা

বিজ্ঞান-প্ৰযুক্তি বহুদূৰ আগুৱাই গ’ল, বিশ্বাস-পৰম্পৰা-নীতি-আচাৰৰ ক্ষেত্ৰতো মানুহ উন্নত হ’ল। কিন্তু আমাৰ সমাজত ঘটি থকা কিছুমান ঘটনা প্ৰৱাহে যেন প্ৰতিনিয়ত হত্যা কৰি আহিছে আস্থা আৰু বিশ্বাসৰ মূল ধাৰণাটোকেই। অন্ধবিশ্বাসৰ চৰম পৰ্যায়ৰ আয়োজন দেখিবলৈ পোৱা গ’ল গহপুৰত। ৰসাতলে গ’ল জ্ঞান-বিজ্ঞান সকলো।

গহপুৰৰ জালুকবাৰীত অবিশ্বাস্য ঘটনা। ঘটনাৰ আচল কাহিনী এমাহ পূৰ্বৰ। গাঁৱৰ ৰাইজৰ মন্তব্য অনুসৰি গাঁওখনৰ সাতগৰাকী মহিলাৰ গাত হেনো আই লম্ভিছিল। সেই সাতগৰাকী মহিলাই ৰাইজক কৈছিল আজিৰ দিনটোতেই দুগৰাকী ডাঙৰীয়াৰ আৰ্বিভাব হ’ব। সেই অনুসৰি আজি ৬ বজাত প্ৰশান্ত বৰাৰ জালুকবাৰীৰ বাসগৃহৰ পাছফালে খেৰ খাই থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে দুটা ঘোঁৰা। সেয়াই হেনো ডাঙৰীয়া!

কোনোৱে কৈছে এয়া ঘোঁৰাই নহয়, খচ্চৰহে
কোনোৱে কৈছে কিবা এষাৰ কওঁতে থওঁতে সাৱধান!
এয়া ঘোঁৰাৰূপী ডাঙৰীয়াহে

বগা ঘোঁৰা দেখি ৰাইজৰ মাজত হুৱা-দুৱা লাগিল। গাঁৱৰ ৰাইজ একগোট হৈ ঘোঁৰা দুটাৰ গাত বগা চেলেং ,গামোচা দি ধূপ-ধূনা জ্বলাই প্ৰাৰ্থনা কৰি আগবঢ়ালে পূজা। ভক্তিত গদগদ হৈ কোনোৱে সাষ্টাংগে কৰিলে প্ৰণিপাত। আৰু আই লম্ভা বুলি কোৱা ৭ গৰাকী মহিলাই কৰিলে অদ্ভূত আচৰণ। কোনোৱে মূৰত লৈছে বাটি। কোনোৱে বাগৰিছে মাটিত। কোনোৱো শুই শুই কান্দিছে। কোনোৱে কালীৰ দৰে জিভা উলিয়াই লৈছে কিম্ভূত কিম্বাকাৰ ৰূপ। ৰাইজে শতকোটি প্ৰণাম জনাইছে।

বৰ্তমানৰ আধুনিক যুগত অবিশ্বাস্য, অলৌলিক বুলি ভবা এই ঘটনাক্ৰমক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। কিন্তু এইবোৰে যুগ যুগ ধৰি ফোপোলা কৰি আহিছে আমাৰ সমাজক। বিজ্ঞান প্ৰযুক্তি বহুদূৰ আগুৱাই গল, বিশ্বাস-পৰম্পৰা-নীতি-আচাৰৰ ক্ষেত্ৰতো মানুহ উন্নত হল। কিন্তু এনে কিছুমান ঘটনা প্ৰৱাহে যেন প্ৰতিনিয়ত হত্যা কৰি আহিছে আস্থা আৰু বিশ্বাসৰ মূল ধাৰণাটোকেই। অসহিষ্ণু কৰি তুলিছে মানুহক। ৰসাতলে গৈছে জ্ঞান-বিজ্ঞান সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...