লোকসভাৰ দৰ্শকৰ গেলেৰীৰ পৰা জঁপিয়াই সদনৰ মজিয়াত প্ৰৱেশ ২ যুৱকৰ

সংসদ ভৱনত আক্ৰমণৰ বৰ্ষপূৰ্তিত পুনৰ লোকসভাৰ নিৰাপত্তাত খুঁত
লোকসভাৰ দৰ্শকৰ গেলেৰীৰ পৰা জঁপিয়াই সদনৰ মজিয়াত প্ৰৱেশ ২ যুৱকৰ
সংসদ ভৱনৰ বাহিৰতো মহিলাসহ দুজনৰ প্ৰতিবাদ, দিছিল শ্ল’গান
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা লোকসভাৰ নিৰাপত্তাক লৈ উঠিল প্ৰশ্ন
ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হ’ল ৪জন

২০০১ চনৰ ১৩ ডিচেম্বৰৰ দিনা পাকিস্তান পালিত সন্ত্ৰাসবাদীয়ে তেতিয়াৰ পুৰণি সংসদ ভৱনৰ ভিতৰত চলাইছিল এক ভয়ংকৰ আক্ৰমণ। গৃহ মন্ত্ৰ্যালয়ৰ পাছসহ এখন গাড়ীত উঠি সংসদ ভৱনত প্ৰৱেশ কৰা ৫ সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ।

২০০১ৰ ১৩ ডিচেম্বৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল ৮ নিৰাপত্তাৰক্ষী
সংসদৰ নিৰাপত্তাক ভ্ৰূকুটি কৰি আগ্নেয়াস্ত্ৰ লৈ প্ৰৱেশ সন্ত্ৰাসবাদীৰ
প্ৰৱেশ কৰিয়েই নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত নিৰাপত্তাৰক্ষী কেইজনৰ মৃত্যু
মৃত্যু হৈছিল এজন গাৰ্ডেনাৰ, আহত হৈছিল ১৫জনৰো অধিক লোক

সেই ঘটনাৰ ২২ বছৰ পূৰ্তিৰ দিনটোতে লোকসভাত ঘটে অঘটন। সদনত তেতিয়া শূন্যকালীন সময়ছোৱাত বিজেপি সাংসদ খগেন মুৰ্মুৱে বক্তৃতা দি আছিল। সেই সময়তে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা লোকসভাৰ মজিয়াত প্ৰৱেশ কৰি দুজন লোকে প্ৰতিবাদ কৰে।

দৰ্শকৰ গেলেৰীৰ পৰা জঁপিয়াই দুয়ো প্ৰৱেশ কৰে লোকসভাৰ মজিয়াত
সাংসদৰ টেবুলৰ ওপৰেদি জঁপিয়াই দুয়ো আগুৱাবলৈ চেষ্টা কৰে অধ্যক্ষৰ আসনলৈ
এজনে জোতাৰ ভিতৰত বান্ধি নিয়া ‘কেন’ উলিয়াই দলিয়াই দিয়ে
লগে লগে নিৰ্গত হোৱা হালধীয়া বৰণৰ ধোঁৱাই আৱৰি পেলাই চৌদিশ
তৎক্ষণাত লোকসভাত সৃষ্টি হয় হূলস্থুলীয়া পৰিস্থিতি

সেই সময়তে সদনৰ ভিতৰত থকা মাৰ্শ্বাল দৌৰি আহে যুৱকদ্বয়ক কৰায়ত্ত কৰিবলৈ। অৱশ্যে নিৰাপত্তাৰক্ষী আহি পোৱাৰ পূৰ্বেই সাংসদসকলে কৰায়ত্ত কৰে যুৱকদ্বয়ক।

BSP সাংসদ মালুক নাগৰ, RLP হনুমান বেণিৱালে কৰায়ত্ত কৰে যুৱকদ্বয়ক
অসমৰ বিজেপি সাংসদ দিলীপ শইকীয়াও এজনক আটক কৰিবলৈ যাওঁতে হয় আঘাতপ্ৰাপ্ত
যুৱকদ্বয়ে ‘স্বেচ্ছাচাৰিতা নচলিব’ বুলিও শ্ল’গান দিয়া পৰিলক্ষিত হয়

উল্লেখ্য যে, ২০০১ চনৰ ১৩ ডিচেম্বৰত সংঘটিত সংসদ আক্ৰমণৰ ঘটনা পাক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰাৰ কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল। কিন্তু এইবাৰৰ এই দুষ্কাৰ্যৰ বাবে কৰায়ত্ত হোৱা চাৰিওজন হিন্দু ধৰ্মাৱলম্বী লোক। ঘটনাৰ কিছুসময় পূৰ্বেহে ২২ বছৰ পূৰ্বে পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ৮ গৰাকী নিৰাপত্তাৰক্ষীসহ ৯ শ্বহীদৰ সোঁৱৰণত এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই কাৰ্যসূচীত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী আদিয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...