ভাৰতীয় সভ্যতাত পিতৃ-মাতৃৰ সৈতে সন্তানৰ সম্পৰ্ক জীৱনজোৰা: মুখ্যমন্ত্রী

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদৰ মাতৃক ‘জীজা মাতা বঁটা’ প্রদান কৰিলে মুখ্যমন্ত্ৰীয়ে

ছত্রপতি শিবাজীৰ মাতৃ জীজাবাঈৰ সাহস, দেশপ্রেম আৰু ত্যাগ অদম্য নাৰী শক্তিৰ প্রতীক: মুখ্যমন্ত্রী

ক্রীড়া ভাৰতী, উত্তৰ অসম প্রান্তৰ উদ্যোগত আজি ৰাজ্যখনৰ ৯ গৰাকী ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রীড়াবিদৰ মাতৃক ‘জীজা মাতা বঁটা’ প্রদান উপলক্ষে দীঘলীপুখুৰীস্থিত লক্ষীৰাম বৰুৱা সদনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে, মহামানব মহাত্মা গান্ধী, ছত্রপতি শিবাজী, প্রধানমন্ত্রী নবেন্দ্র মোদীৰ জীৱন গঢ়াত তেওঁলোকৰ মাতৃসকলে অপৰিসীম ভূমিকা গ্রহণ কৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে প্ৰতিগৰাকী মাতৃয়ে সৰু সৰু জীৱন বিশাল ৰূপত গঢ় দিয়াত প্ৰেৰণা যোগাব পাৰে। আজি সন্মানিত কৰা মাতৃসকলৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই কেইগৰাকী মাতৃয়ে সহযোগিতা আৰু প্ৰেৰণা যোগোৱা বাবে হে তেওঁলোকৰ সন্তানসকলে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে জীজা মাতা বঁটা সম্মানেৰে সন্মানিত মাতৃসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে পশ্চিমীয়া সভ্যতাত পিতৃ আৰু মাতৃক স্বীকৃতি দিয়া নহয়। তেওঁ লগতে কয় যে এই দেশসমূহত প্রাপ্তবয়স্ক হোৱাৰ পিছতে সন্তানক এক প্ৰকাৰ দূৰলৈ ঠেলি পঠিয়ায়। কিন্তু আমাৰ দেশত পিতৃ-মাতৃৰ সৈতে সন্তানৰ সম্পৰ্ক জীৱনজোৰা। মৃত্যুৰ পিছতো আদ্যশ্রাদ্ধ, পিণ্ডৰ জৰিয়তে সন্তানৰ প্রতি পিতৃ-মাতৃয়ে কৰি অহা কামৰ বাবে কৃতজ্ঞতা জনোৱা হয় বুলিও তেওঁ কয়। পিতৃ-মাতৃক যি সন্তানে সন্মান জনাই, পিতৃ-মাতৃৰ পৰা যি সন্তানে আশীর্বাদ লাভ কৰিব পাৰে আৰু জীৱনত যি সন্তানৰ পৰা পিতৃ-মাতৃয়ে কেতিয়াও কষ্ট নাপাই তেনে সন্তান হিমালয়ৰ সর্বোচ্চ শিখৰত উপনীত হ’ব পাৰে আৰু এই কথা ভাৰতীয় সভ্যতাই গভীৰভাৱে বিশ্বাস কৰে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে প্ৰতিগৰাকী উদীয়মান খেলুরৈ, সাংস্কৃতিক কর্মী বা ছাত্র-ছাত্রীসকলে যদি জীবনকালত পিতৃ-মাতৃৰ সপোন পূৰণ কৰাৰ বাবে প্রচেষ্টা চলাই, তেওঁলোকে যদি পিতৃ-মাতৃক জীৱনত হেয় প্রতিপন্ন নকৰে, জীৱনৰ শেষ মুহূর্তলৈ পিতৃ- মাতৃক সেৱা কৰে তেওঁলোকৰ আশীৰ্বাদৰ ছত্ৰছায়াই সফলতাৰ শীৰ্ষলৈ লৈ যাব।

ক্রীড়া ভাৰতী, উত্তৰ অসম প্রান্তে ভাৰতীয় ইতিহাসৰ মহিয়সী নাৰী জীজাবাঈৰ নামেৰে এই বঁটা প্রদান কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় ইতিহাসৰ মহান যোদ্ধা শাহজীৰাজে ভোঁচলেৰ পত্নী আৰু ভাৰতবৰ্ষত মোগলৰ প্রতিপত্তিৰ অৱসান ঘটাই হিন্দু সাম্ৰাজ্যৰ প্রতিষ্ঠা কৰা শিৱাজীৰ মাতৃ জীজাবাঈ বা জীজামাতাৰ সাহস, দেশপ্রেম আৰু ত্যাগ অদম্য নাবী শক্তিব প্রতীক। তেওঁ লগতে কয় যে জীজাবায়ে শৈশৱৰ পৰা বীৰ শিৱাজীক দেশাত্মবোধ আৰু দেশপ্রেমৰ বাণীৰে উদ্বুদ্ধ কৰিছিল আৰু শৈশৱতে শিৱাজীক মহান ভাৰতীয় ধর্মশাস্ত্র সমূহৰ জ্ঞান প্রদান কৰি জীজাবায়ে তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঢ় দিছিল। শত্রুপক্ষৰ ওচৰত পৰাজয় স্বীকাৰ নকৰি কৌশলেৰে শত্রুক পৰাভূত কৰিবলৈ শিৱাজীক তেওঁ বল আৰু সাহস দিছিল বুলি মন্তব্য কৰি শিৱাজীক জীজাবায়ে সনাতন হিন্দু সাম্ৰাজ্যৰ পুনৰ প্ৰতিষ্ঠাৰ হকে যুঁজ দিবলৈ প্রেৰিত কৰিছিল বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে শিৱাজীৰ সেনা বাহিনীয়ে শত্রুক পৰাস্ত কৰি হিন্দু সম্রাজ্য প্রতিষ্ঠা কৰি যি নজিৰ স্থাপন কৰিছিল দৰাচলতে তাৰ অন্তৰালত আছিল জীজা মাতাৰ সাহস আৰু প্ৰেৰণা।

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় ইতিহাসত এনে বহু নাৰী চৰিত্ৰ আছে যি নিজৰ সর্বস্ব সন্তানৰ ভৱিষ্যত গঢ় দিবলৈ অথবা সন্তানৰ ভালৰ বাবে হেলাৰঙে ত্যাগ কৰিছিল। তেওঁ লগতে কয় যে জন্মৰ পিছতে সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত মাতা দৈৱকীয়ে ভগবান শ্রীকৃষ্ণক মাতা যশোদাৰ কাষলৈ প্রেৰণ কৰিছিল। ভাৰতীয় ইতিহাসৰ মমতাময়ী মাতৃৰ কথা ক’বলৈ গ’লে আমাৰ মনলৈ অহা নাৰী চৰিত্ৰই হৈছে মাতা যশোদা আৰু আদি পুৰুষোত্তম ভগৱান শ্ৰীৰামচন্দ্ৰৰ সবল চৰিত্ৰ গঢ় দিয়াত মাতা কৌশল্যাৰ ভূমিকা অথবা সুযোগ্য পুত্র হিচাপে লব-কুশক গঢ় দিয়াত মাতা সীতাৰ অৱদান আছিল অতুলনীয় বুলি মুখ্যমন্ত্রীয়ে দোহাৰে। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে মহামানৱ মহাত্মা গান্ধী আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব গঠনত মাতৃৰ ভূমিকা সম্পর্কতো আলোকপাত কৰে।

জীজা মাতা বঁটাৰে সন্মানিত মাতৃসকল হ’ল খেলৰত্ন সন্মানেৰে বিভূষিত বক্সাৰ লাভলীনা বৰগোহাঞিৰ মাতৃ মামনি বৰগোহাঞি, অর্জুন নয়নমণি শইকীয়াৰ মাতৃ নিবদা শইকীয়া, সন্তৰণবিদ জাহ্নবী কাশ্যপৰ মাতৃ জোনালী দাস, দবা খেলৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ চাহিল দেৰ মাতৃ মিঠু দাস, আৰ্চাৰী খেলুৱৈ বিতুমণি স্বর্গীয়াৰীৰ মাতৃ বেণু স্বর্গীয়াৰী, পেৰা বেডমিন্টন খেলুবৈ চিৰঞ্জিতা ভৰালীৰ মাতৃ দিপ্তী কলিতা, কাবাডী খেলুরী পরিত্রা নাৰ্জাৰীৰ মাতৃ মিনু নাৰ্জাবী, উম্বু খেলুৱৈ চিৰঞ্জিত বড়োৰ মাতৃ কণিকা বড়ো আৰু এথলীট লাইমুন নাৰ্জাৰীৰ মাতৃ মৰমী নাৰ্জাৰী।

অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ‘ক্রীড়াংগন’ নামৰ আলোচনী এখনো উন্মোচন কৰে। অনুষ্ঠানত ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰপ্ৰচাৰক (অসম ক্ষেত্র) উল্লাস কুলকাণী, ক্রীড়া ভাৰতী উত্তৰ অসম প্ৰান্তৰ সভাপতি প্রশান্ত শইকীয়া, সম্পাদক শ্যামন্ত শইকীয়াৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...