‘হেপী খ্ৰীষ্টমাছ’ৰ সলনি কিয় কোৱা হয় ‘মেৰী খ্ৰীষ্টমাছ’ ?

প্রতি বছৰে ২৫ ডিচেম্বৰত পালন কৰা হয় বৰদিন। বিশ্বৰ দেশসমূহে বৰদিনৰ উৎসৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা দেখা যায়। প্ৰভু যীশুৰ জন্মদিন উপলক্ষে বৰদিন উৎসৱ পালন কৰা হয়। কিন্তু এই বৰদিনত ইজনে-সিজনক ‘হেপী খ্ৰীষ্টমাছ’ৰ সলনি ‘মেৰী খ্রীষ্টমাছ’ বুলি শুভেচ্ছা জনায়। সাধাৰণতে ইংৰাজীত যিকোনো উৎসৱৰ শুভকামনা জনাওতে ইংৰাজী Happy শব্দটো ব্যৱহাৰ কৰা হয়, কিন্তু এই বৰদিনত ‘মেৰী’ শব্দটোহে ব্যৱহাৰ কৰা হয়। কিন্তু কিয় জানেনে? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন

খ্রীষ্টমাছত মেৰী শব্দটো কিয় ব্যৱহাৰ হয়?
পোনপ্ৰথমতে বিখ্যাত লেখক চার্লছ ডিকেন্সে মেৰী শব্দটো জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ ‘এ খ্রীষ্টমাছ কেৰল’ নামৰ কিতাপখনত তেওঁ ‘মেৰী’ শব্দটো ব্যৱহাৰ কৰিছিল। ইয়াৰ পাছত হেপিৰ পৰিৱৰ্তে ‘মেৰী খ্রীষ্টমাছ’ শব্দটো প্রচলিত হ’ল। তথাপিও ইয়াৰ আগতে মানুহে মানুহক কেৱল Happy Christmas বুলিহে শুভেচ্ছা জনাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ মিনিটৰ সিদ্ধান্ত, ১০ ছেকেণ্ডত জীৱন ৰক্ষা! ১৬০০ ছাত্ৰ-ছাত্ৰীৰ ত্ৰাণকৰ্তা এগৰাকী প্ৰধান শিক্ষক

নেপালৰ এখন বিদ্যালয়। পুৱা তেতিয়া স্বাভাৱিকভাৱেই চলি আছিল পাঠদান।...

গুৰুত্বপূৰ্ণ খনিজৰ সন্ধানত জাম্বিয়াৰ সৈতে পুনৰ আলোচনাত ভাৰত

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ক্ৰমবৰ্ধমান কেঁচামালৰ চাহিদা পূৰণৰ...

এয়াৰ ভাইচ মাৰ্শ্বাল শক্তি শৰ্মাই ৰচিলে ইতিহাস! কিয় বিশেষ এই সাফল্য?

ভাৰতীয় বায়ুসেনাত মহিলাৰ নতুন মাইলষ্টোন। এয়াৰ ভাইচ মাৰ্শ্বাল পদত...

৪ ছেপ্টেম্বৰক ‘অসম শিক্ষক শিক্ষা দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত সদৌ অসম ডায়েট বিষয়া সন্থাৰ

সদৌ অসম ডায়েট বিষয়া সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ...