৫টা দশকৰ ভিতৰত শুকাই গ’ল এখন সু-বৃহৎ সাগৰ

৫টা দশকৰ ভিতৰত শুকাই গ’ল এখন সু-বৃহৎ সাগৰ
মৰুভূমিত পৰিণত এই সাগৰত এতিয়া জাহাজ নচলে, চলে উট
বিশাল আয়তনৰ বাবে সাগৰৰ সৈতে তুলনা কৰা হৈছিল আৰল হ্রদক
প্রায় ৬৮ হাজাৰ বৰ্গকিলোমিটাৰজুৰি বিস্তৃত এই আৰল হ্রদ
উত্তৰ–দক্ষিণে এই জলৰাশিৰ বিস্তৃতি আছিল ৪৩৫ কিঃমিঃ, পূবে–পশ্চিমে ২৯০ কিঃমিঃ
জলবায়ু পৰিৱৰ্তনত উষ্ণতা বৃদ্ধিৰ ফলতেই শুকাই গ’ল সুবিশাল জলৰাশি

উজবেকিস্তান আৰু কাজাখস্তানৰ মাজত আছিলে ৬৮ হাজাৰ বৰ্গকিলোমিটাৰজুৰি বিস্তৃত আৰল হ্ৰদ যাক জনা গৈছিল আৰল সাগৰ বুলি। সামুদ্ৰিক জীৱৰে ভৰি আছিল এই সাগৰ, চলিছিল জাহাজো। কিন্তু এই সাগৰ এতিয়া পৰিণত হ’ল এখন বিশাল বালিময় মৰুভূমিত। এই বিশাল এলেকাত এতিয়া জলৰাশিৰ কোনো চিন-মোকামো নাই। জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ তাপমাত্ৰা বৃদ্ধি পোৱাত এই সাগৰখন শুকাই যোৱা বুলি জানিব পৰা গৈছে। পূৰ্বে ৰাছিয়াই এই সাগৰলৈ বোৱা দুখনমান নদী জলসিঞ্চনৰ বাবে অন্য দিশলৈ প্ৰৱাহিত কৰাত সাগৰখনৰ জলৰাশিৰ উৎস শুকাই গৈছিল।

জলবায়ু পৰিৱৰ্তনৰ কু-প্ৰভাৱৰ ফলতে মৃত্যু হ’ল সাগৰখনৰ
২০২৪ৰ জানুৱাৰীত বিশ্বৰ গড় তাপমাত্ৰা স্বাভাৱিকতকৈ প্ৰায় ডেৰ ডিগ্ৰী অধিক
একেৰাহে ২য় বাৰৰ বাবে জানুৱাৰীৰ উষ্ণতাই সৃষ্টি কৰিছে অভিলেখ

এই সাগৰৰ পানী শুকাই যোৱাৰ ফলত আটাইতকৈ সমস্যাত পৰিছে উজবেকিস্তানৰ বাসিন্দাসকল। এসময়ত ৰাছিয়া, কাজাখস্থানৰ যোগাযোগৰ প্ৰধান মাধ্যম আছিল আৰল সাগৰ। এই বিশাল সাগৰসদৃশ হ্ৰদটো শুকাই যোৱাৰ ফলত তাৰ পাৰত বসবাস কৰা অগণন লোকৰ বাবে সৃষ্টি হৈছে জলসংকট। মানুহৰ শৰীৰত দেখা দিছে অনেক ৰোগ।

আৰল সাগৰ শুকাই যোৱাতো একবিংশ শতিকাৰ বৃহত্তম প্ৰাকৃতিক দুৰ্যোগ
ৰাষ্ট্ৰসংঘৰ এই ঘোষণাই প্ৰকাশ কৰিছে বাস্তৱ স্বৰূপ
আৰল সাগৰৰ অৱশিষ্ট অংশক বচাই তোলাৰ বাবে এতিয়া চলিছে ব্যাপক চেষ্টা

এই প্ৰাকৃতিক দুৰ্যোগে ইতিমধ্যে বিপৰ্যয় নমাই আনিছে সমগ্ৰ অঞ্চলজুৰি। ২ দশমিক ৬ নিযুত বছৰ পূৰ্বে সৃষ্টি হোৱা এই বিশাল সাগৰখনৰ অপমৃত্যুক লৈ স্বাভাৱিকতে উৎকণ্ঠিত ভূ-বিজ্ঞানীসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...