৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে

এবছৰৰ ভিতৰত ২ বিশ্ব চেম্পিয়নক হৰুৱাই চমক গ্রেণ্ডমাষ্টাৰ ডি গুকেশৰ

৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে

‘জাৰ্মানী চেছ চেলেঞ্জ’ত এই অঘটন ভাৰতীয় গ্রেণ্ডমাষ্টাৰজনৰ

নৰৱেৰ মহাতাৰকাক পৰাস্ত কৰাৰ উপৰিও হৰুৱালে আন এক বিশ্ব চেম্পিয়নক

বৰ্তমানৰ বিশ্ব চেম্পিয়ন চীনৰ ডিং লিডেনকো হৰুৱালে গুকেশে

১৭ বছৰ বয়সত ডি গুকেশ হৈ পৰিছিল বিশ্ব দবাৰ তৃতীয় কনিষ্ঠতম গ্রেণ্ডমাষ্টাৰ। যোৱা বছৰে ভাৰতীয় গ্রেণ্ডমাষ্টাৰ প্রাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দক হৰুৱাই ভাৰতীয় দবা খেলুৱৈৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰিছিল। শেহতীয়াকৈ জাৰ্মানীত অনুষ্ঠিত হৈ থকা দবা প্রতিযোগিতাত চাঞ্চল্যৰ সৃষ্টি কৰিছে গুকেশে। প্ৰথম দিনৰ খেলত তেওঁ পৰাস্ত কৰে বিশ্বৰ ১ নং স্থানৰ দবা খেলুৱৈ মেগনাছ কাৰ্লচেনক। লগতে তেওঁ পৰাভূত কৰে বৰ্তমানৰ বিশ্ব চেম্পিয়ন চীনৰ ডিং লিডেন, আৰ্মেনিয়াৰ গ্রেণ্ডমাষ্টাৰ লেভন এৰ’নিয়ানক। ১৭ বছৰীয়া যুৱ খেলুৱৈ দম্মাৰাজু গুকেশে ২০১৯ চনৰ মাৰ্চত লাভ কৰিছিল গ্রেণ্ডমাষ্টাৰ খিতাপ। ইতিমধ্যে গুকেশে বিশ্বনাথন আনন্দক পিছ পেলাই ভাৰতৰ শীৰ্ষ স্থানৰ দবা খেলুৱৈৰ স্বীকৃতি লাভ কৰিছে। উল্লেখ্য যে ৩৭ বছৰ পাছত বিশ্বনাথন আনন্দে ভাৰতৰ শীৰ্ষস্থানীয় দবা খেলুৱৈৰ স্বীকৃতি হেৰুৱালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...