আৰক্ষীৰ বৰঘৰতে বৰবিহৰ বেহা

সৰিয়হৰ ডুলিতে ভূত
অসম আৰক্ষীত ড্ৰাগছ বেপাৰী
আৰক্ষীৰ বৰঘৰতে বৰবিহৰ বেহা
আৰক্ষীৰ গাড়ীৰেই চলে ড্ৰাগছৰ সৰবৰাহ
পুনৰ আৰক্ষীৰ জালত ড্ৰাগছসৰবৰাহকাৰী আৰক্ষী

মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে পংগু কৰিছে ৰাজ্যৰ একো একোটা প্ৰজন্মক। ড্ৰাগছৰ বাবেই ঠানবান হৈছে বহু সংসাৰ, ড্ৰাগছেই চাৰখাৰ কৰিছে বহু অভিভাৱকৰ সপোন। সামাজিক ব্যাধিত পৰিণত এই বৰবিহৰ বেহা ৰোধৰ বাবে শেহতীয়াকৈ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। বিভিন্ন সনয়ত শ শ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দও কৰিছে ড্ৰাগছ বিৰোধী অভিযান চলোৱা বিশেষ তদন্তকাৰী বাহিনীয়ে। কিন্তু কাৰ্যতঃ আৰক্ষীৰ এই অভিযান যেন ফুটা বাল্টিৰে পানীতোলাৰ দৰেই হৈছেগৈ। কাৰণ বিভিন্ন সময়ত পোহৰলৈ আহিছে, দুটামান টকাৰ লোভত নৈতিকতাক বিসৰ্জন দি খাকী পোছকৰ আঁৰলৈ একাংশ আৰক্ষীয়েই চলাইছে বৰবিহ ড্ৰাগছৰ ক’লা বেহা। STFৰ অভিযানত পুনৰ ড্ৰাগছ বিক্ৰি কৰিবলৈ আহিছে গ্ৰেপ্তাৰ আৰক্ষীৰ গাড়ী চালক। ড্ৰাগছ সৰবৰাহকাৰীয়ে বিভিন্ন কৌশলেৰে গাড়ীত ড্ৰাগছ সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহিয়েই আছে।

বুধবাৰে কৰিমগঞ্জতো এখন বল’ৰে পিকআপৰ গোপন চেম্বাৰৰ পৰা জব্দ হৈছিল লাখ লাখ য়াবা টেবলেট। কিন্তু এদিন পিছতে পোহৰলৈ আহিল ড্ৰাগছ সৰবৰাহৰ বাবে আৰক্ষীৰ গাড়ী ব্যৱহাৰৰ ভয়ংকৰ তথ্য। বৃহস্পতিবাৰে গুৱাহাটীৰ ISBTৰ সমীপতে STFৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ গাড়ীচালক চানমহম্মদ আলী আৰু চানমহম্মদৰ সহযোগী সঞ্জয় মাহাতো। দুয়ো দিছপুৰ থানাৰ পাপা গাড়ী ব্যৱহাৰ কৰিছিল ড্ৰাগছ সৰবৰাহত। দিছপুৰ থানাৰ পাপা গাড়ীৰে মেঘালয়ৰ পৰা সৰবৰাহ কৰিছিল ড্ৰাগছ। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত STFএ আৰক্ষীৰ বিৰুদ্ধে চলাইছিল গোপন অভিযান।

এই অভিযানত পাপা গাড়ীত ড্ৰাগছ কঢ়িয়াই অনা সঞ্জয় মাহাতো নামৰ চালকজনক প্ৰথমে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সঞ্জয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত STFএ গ্ৰেপ্তাৰ কৰে দিছপুৰ থানাৰ গাড়ী চালক চানমহম্মদ আলীক। জানিব পৰা মতে গাড়ীচালক সঞ্জয়ে মেঘালয়ৰ পৰা গুৱাহাটীৰ নালাপাৰত ড্ৰাগছ বিক্ৰি কৰিবলৈ আহিছিল। কিন্তু STFৰ অভিযানকাৰী দলক দেখা পাই নলাত পেলাই দিছিল ড্ৰাগছৰ টোপোলা। যদিও তৎ‍পৰতাৰে STFয়ে গ্ৰেপ্তাৰ কৰে সঞ্জয়ক।

সঞ্জয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৪২গ্ৰাম হেৰ’ইন। তাৰ পিছতে পোহৰলৈ আহিল ড্ৰাগছ সৰবৰাহকাৰী আৰু দিছপুৰ আৰক্ষীৰ যোগসূত্ৰ। আৰক্ষীৰ এক সূত্ৰ অনুসৰি সোণাপুৰত থাকে দিছপুৰ থানাৰ গাড়ী চালক চানমহম্মদ আলী। সঞ্জয় মাহাতোৱে চানমহম্মদৰ অনুপস্থিতিত অস্থায়ীভাৱে নিয়োজিত হৈছে আৰক্ষীৰ গাড়ী চালকৰূপে। দিছপুৰ থানাৰ গাড়ীৰেই ঘৰলৈ অহা যোৱা কৰে গৃহৰক্ষী চানমহম্মদে। কিন্তু ঘৰলৈ যোৱাৰ বাটত খানাপাৰাত সঞ্জয় মাহাতোক চানমহম্মদে দিয়ে দিছপুৰ থানাৰ গাড়ী। আৰু সেই আৰক্ষীৰ গাড়ীৰেই ড্ৰাগছৰ সৰবৰাহ কৰে সঞ্জয়ে।

আৰক্ষীৰ গাড়ী হোৱাৰ বাবে অনায়াসে ড্ৰাগছ ক’লা বেহা চলাই যায় চক্ৰটোৱে। দীৰ্ঘদিনে এনেদৰেই আৰক্ষীৰ আঁৰ লৈ মাৰাত্মক বৰবিহৰ বেহা চলাই আহিছিল চানমহম্মদ, সঞ্জয়হ’তে। কিন্তু প্ৰশ্ন হয় এই চক্ৰটোত আৰু কোন কোন আছে? দিছপুৰ থানাৰ শীৰ্ষ আৰক্ষীয়ে নজনাকৈয়ে চানমহম্মদে পাপা গাড়ীৰ এনে দুৰ্ৱ্যৱহাৰ কৰাটো সম্ভৱ নে? এই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোত আৰু বহুকেইজন জড়িতৰ তথ্য লাভ কৰিছে STFয়ে।

নিশা সঞ্জয়ক গ্ৰেপ্তাৰৰ পিছতে সমগ্ৰ গুৱাহাটীটে চলিল অভিযানত। সঞ্জয়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে লালমাটিৰ পৰা অজিত ৰাভা নামৰ আন এটা ড্ৰাগছ বেপাৰীকো গ্ৰেপ্তাৰ কৰে। অজিত ৰাভাৰ পৰা জব্দ ৩৪টা হেৰ’ইন ভৰ্তি ভায়েল। অতিজক সোধাপোছাৰ অনন্ত ৰিটা বড়ো নামৰ আন এগৰাকীৰ মহিলাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰিটা বড়োৰ পৰা জব্দ ৯৫.৫ গ্ৰাম হেৰ’ইন। ধৃত এই আটাইকেইটা ড্ৰাগছ বেপাৰীক জেৰা চলোৱাৰ অন্তত STFএ গ্ৰেপ্তাৰ কৰে দিছপুৰ থানাৰ গাড়ীচালক গৃহৰক্ষী চানমহম্মদ আলীক।

গৃহৰক্ষী চানমহম্মদে খানাপাৰাৰ পৰা বশিষ্ঠৰ এলেকাত দীৰ্ঘ দিনে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ বহু তথ্য প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে দৃত আটাইকেইটা ড্ৰাগছ বেপাৰীকে আদালতত হাজিৰ কৰাই দিছপুৰ আৰক্ষীয়ে। NDPS আইনৰ 21(b)/25/29 ধাৰাত 08/2024 নম্বৰত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। কিন্তু এই অভিযানেই প্ৰমাণ কৰিছে মহানগৰীত কিদৰে শিপাইছে মাৰাত্মক ড্ৰাগছে। এই ভয়ংকৰ বেহাত আৰক্ষীয়েই জড়িত থকা বুলি বাৰে বাৰে পোহৰলৈ অহাটো অধিক উদ্বেগজনক।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...