শুভ মহালয়া! মহালয়াৰ বিশেষত্ব কি জানেনে?

জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ নামি আহে মা দূৰ্গা। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিলে লাভ কৰা যায় মা দূৰ্গাৰ বিশেষ আৰ্শীবাদ। মাৰ আৰ্শীবাদ পাবৰ বাবেই ৰাতিতে উঠি প্ৰাতঃভ্ৰমণ কৰে। ধাৰ্মিক মান্যতা অনুসৰি মহালয়াৰ দিনাই মূৰ্তিকাৰসকলে মা দুৰ্গাৰ চকুজুৰি তৈয়াৰ কৰে। তাৰ লগতে মূৰ্তিৰ অন্তিম ৰূপ দিবলৈ আৰম্ভ কৰে। শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া।

মহালয়াৰ দিনা নানান ৰীতি-নীতি পালন কৰা হয় আৰু পূৰ্বপুৰুষসকলক স্মৰণ আৰু প্ৰণাম জনোৱা হয়। বিশ্বাস কৰা হয় যে এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। আৰু মহালয়াৰ দিনটোতেই দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায় আৰু দহ দিনৰ ভিতৰত, পৃথিৱীৰ পৰা ৰাক্ষস বধ কৰি তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে।

NKTV Digital
Author: NKTV Digital

89 COMMENTS

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...