আহমেদাবাদত সাজু ৭ হাজাৰ আৰক্ষী, ৪ হাজাৰ গৃহৰক্ষী জোৱান

২৬/১১ৰ নায়কে ভাৰত-পাকিস্তান ক্ৰিকেট দলক দিব নিৰাপত্তা
আহমেদাবাদত সাজু ৭ হাজাৰ আৰক্ষী, ৪ হাজাৰ গৃহৰক্ষী জোৱান
সাজু এণ্টি ড্ৰোন দল, সাজু ৯টা ব’ম স্কোৱাড

Greatest Rivalry In Cricketৰ বাবে সাজু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম। সাজু হৈছে ক্ৰিকেট প্ৰেমী, দুয়ো দল। ১৪ অক্টোবৰত আহমেদাবাদৰ খেলপথাৰত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ মহাৰণ। ICC বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানক পৰাস্ত কৰি শক্তিশালী পাকিস্তানৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে ২২ গজত নামিব ৰোহিত বাহিনী। প্ৰায় ১ লাখ ৩০ হাজাৰ ক্ৰিকেট অনুৰাগীৰ সমাগমৰে ভৰি পৰিব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম। নিৰাপত্তাৰ দিশতো অধিক গুৰুত্ব দিছে ICC আৰু BCCIয়ে। বহু গুৰুত্বপূৰ্ণ খেলখনত যাতে কোনো অঘটন নঘটে সেইবাবে ষ্টেডিয়ামত নিয়োগ কৰা হ’ব NSG। থাকিব প্ৰায় ১১ হাজাৰ গুজৰাট আৰক্ষী কৰ্মী। কিছু দিনৰ পূৰ্বে বোমাৰে ১৪ অক্টোবৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উফৰাই দিয়াৰ ভাবুকি দিছিল এজন যুৱকে। সেইহে নিৰাপত্তা আৰু অধিক কট-কটিয়া কৰিছে গুজৰাট চৰকাৰে। ইপিনে, মেচখনৰ বাবে উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ। হাই-ভল্টেজ মেচখনৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা উপস্থিত হৈছে অনুৰাগীসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...