সৌন্দৰ্য বৃদ্ধিৰ বাবে এইসমূহ খাদ্য গ্ৰহণ কৰে প্ৰিয়ংকা চোপ্ৰাই

বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা তেওঁৰ সৌন্দৰ্য আৰু সুন্দৰ অভিনয়ৰ বাবে জনাজাত। মানুহৰ মাজত তেওঁ দেশী গাৰ্ল বুলিও পৰিচিত।

প্ৰিয়ংকাৰ সৌন্দৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বৰ্তমান সময়ত এই সৌন্দৰ্যৰ বাবেই বহু যুৱকৰ ক্ৰাছ(CRUSH) হৈ পৰিছে প্ৰিয়ংকা। বহু যুৱক-যুৱতীয়ে আকৌ প্ৰিয়ংকাৰ সৌন্দৰ্যৰ আঁৰৰ ৰহস্য জানিব বিচাৰে। বহুতে প্ৰশ্ন কৰে যে প্ৰিয়ংকাই তেওঁৰ এই সৌন্দৰ্যৰ বাবে কি কৰে।

এইখিনিতে আমি আপোনাক জনাওঁ যে দেশী গাৰ্ল প্ৰিয়ংকাই তেওঁৰ ফিটনেছৰ প্ৰতি বিশেষ মনোযোগ দিয়ে। ইয়াৰ বাবে তেওঁ এক সন্তুলিত আহাৰ গ্ৰহণ কৰে লগতে, দৈনিক যোগ আৰু ব্যায়াম কৰে। যদি আপুনিও বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ দৰে ফিট আৰু আপোনাৰ সৌন্দৰ্য অটুট ৰাখিব বিচাৰে, তেন্তে আপুনিও অনুসৰণ কৰিব পাৰে প্ৰিয়ংকাৰ এই জীৱন শৈলী।

আহাৰ

এটা সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আহাৰৰ বিষয়ে কয় যে তেওঁ দেশীয় খাদ্য গহণ কৰি বেছি ভাল পায়। ইয়াৰ বাবে তেওঁ দাইল, চাউল, পিঠা, চুপ, চালাড, সতেজ ফল আদিৰ দৰে খাদ্য গ্ৰহণ কৰে। একে সময়তে তেওঁ দৈনিক ফলৰ ৰসো সেৱন কৰে। লগতে তেওঁ শৰীৰটো হাইড্ৰেটেড ৰাখিবলৈ দৈনিক ১০ গিলাচ পানী সেৱন কৰে। সাক্ষাৎকাৰটোত তেওঁ কয় যে তেওঁ তেলেতীয়া খাদ্য পৰিহাৰ কৰে।

ব্যায়াম
ব্যায়ামৰ সন্দৰ্ভত, তেওঁ কয় যে তেওঁ জিম প্ৰেমী নহয়, তেওঁ ফিট থাকিবলৈ ব্যায়াম কৰে। ইয়াৰ বাবে তেওঁ সাঁতোৰৰ আশ্ৰয় লৈছে। তেওঁ ফিট থাকিবলৈ সদায় সাঁতুৰে আৰু কোনোবা দিনা খোজ কাঢ়িও এই ব্যায়ামো কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...