ৰবাব টেঙাৰ উপকাৰিতাসমূহ জানেনে?

ৰবাব টেঙা সকলোৱে খাই ভাল পায়। এই সময়ত বজাৰত উপলব্ধ ৰবাব টেঙা। এই ফলবিধ যিমানেই সোৱাদযুক্ত সিমানেই পুষ্টিকৰ। জাৰৰ দিনত ৰ’দৰ তাপ লৈ এই ৰবাব টেঙা খোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম চিটৰাছ মেক্সিমা (Citrus maxima)৷ আঘোণ মাহত খেতিপথাৰত ধান দাওতে ৰবাব টেঙা ফুতিয়াই লৈ নিমখ, তেল আৰু জলকীয়া সানি কলপাতত জুতি লোৱাৰ মজাই বেলেগ । এই ফলবিধ আমাৰ শৰীৰৰ বাবে বহু উপকাৰী। জানো আহকচোন ৰবাব টেঙাৰ কি কি উপকাৰী গুণ আছে।

ৰবাব টেঙাৰ উপকাৰিতা

১. ইয়াত প্ৰচুৰ পৰিমানে ভিটামিনC থাকে। ভিটামিনCয়ে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ফলত কাহ, জ্বৰ আদি সমস্যাৰ পৰা হাত হাৰিব পৰা যায়। লগতে ই ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰাত সহায় কৰে।

২. ৰক্তহীনতা বা এনিমিয়া ৰোগত ৰবাব টেঙা খালে যথেষ্ট উপকাৰ লাভ কৰা যায়।

৩. অকালতে পৰা বয়সৰ চাপ কম কৰাতো ৰবাব টেঙাই সহায় কৰে।ই একপ্ৰকাৰৰ শৰীৰৰ শোধনা(BODY DETOX) কৰে। ৰবাব টেঙাত থকা এন্টিঅক্সিডেন্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে।

৪. দাঁতৰ সুস্বাস্থ্যৰ বাবেও উপকাৰী ৰবাব টেঙা। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত ৰবাব টেঙা খালে সুফল পোৱা যায়

৫. ৰবাব টেঙাৰ ৰসে খাদ্য হজম হোৱাত সহায় কৰে। গতিকে আপুনিও যদি হজমৰ সমস্যাত ভুগিছে, তেন্তে আপুনিও গ্ৰহণ কৰিব পাৰে ৰবাব টেঙাৰ ৰস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...