ৰবাব টেঙাৰ উপকাৰিতাসমূহ জানেনে?

ৰবাব টেঙা সকলোৱে খাই ভাল পায়। এই সময়ত বজাৰত উপলব্ধ ৰবাব টেঙা। এই ফলবিধ যিমানেই সোৱাদযুক্ত সিমানেই পুষ্টিকৰ। জাৰৰ দিনত ৰ’দৰ তাপ লৈ এই ৰবাব টেঙা খোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম চিটৰাছ মেক্সিমা (Citrus maxima)৷ আঘোণ মাহত খেতিপথাৰত ধান দাওতে ৰবাব টেঙা ফুতিয়াই লৈ নিমখ, তেল আৰু জলকীয়া সানি কলপাতত জুতি লোৱাৰ মজাই বেলেগ । এই ফলবিধ আমাৰ শৰীৰৰ বাবে বহু উপকাৰী। জানো আহকচোন ৰবাব টেঙাৰ কি কি উপকাৰী গুণ আছে।

ৰবাব টেঙাৰ উপকাৰিতা

১. ইয়াত প্ৰচুৰ পৰিমানে ভিটামিনC থাকে। ভিটামিনCয়ে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ফলত কাহ, জ্বৰ আদি সমস্যাৰ পৰা হাত হাৰিব পৰা যায়। লগতে ই ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰাত সহায় কৰে।

২. ৰক্তহীনতা বা এনিমিয়া ৰোগত ৰবাব টেঙা খালে যথেষ্ট উপকাৰ লাভ কৰা যায়।

৩. অকালতে পৰা বয়সৰ চাপ কম কৰাতো ৰবাব টেঙাই সহায় কৰে।ই একপ্ৰকাৰৰ শৰীৰৰ শোধনা(BODY DETOX) কৰে। ৰবাব টেঙাত থকা এন্টিঅক্সিডেন্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে।

৪. দাঁতৰ সুস্বাস্থ্যৰ বাবেও উপকাৰী ৰবাব টেঙা। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত ৰবাব টেঙা খালে সুফল পোৱা যায়

৫. ৰবাব টেঙাৰ ৰসে খাদ্য হজম হোৱাত সহায় কৰে। গতিকে আপুনিও যদি হজমৰ সমস্যাত ভুগিছে, তেন্তে আপুনিও গ্ৰহণ কৰিব পাৰে ৰবাব টেঙাৰ ৰস।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...

আহি আছে ভাৰতৰ ৰবটিক জোৱান

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট...