বৃহস্পতিবাৰৰ ভিতৰত ম’চা বিধ্বংসী হৈ উঠাৰ সম্ভাৱনা

বুধবাৰে নিশাৰ ভিতৰতে অধিক শক্তিশালী হৈ উঠিব সামুদ্ৰিক ঘুৰ্নী ম’চা। বংগোপসাগৰৰ লগতে আন্দামান সাগৰত গভীৰ নিম্নচাপৰ ফলত সৃষ্টি হোৱা এই সামুদ্ৰিক ঘুৰ্নীৰ প্ৰভাৱত ইতিমধ্যে আন্দামানৰ উপকূলীয় অঞ্চলত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত। দক্ষিণ–পূব বংগোপসাগৰত ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত ধুমুহা আৰম্ভ হৈছে। শীঘ্ৰে এই সামুদ্ৰিক ঘুৰ্নীয়ে পশ্চিমবংগ আৰু ওড়িশাকে ধৰি উপকূলীয় অঞ্চলতসমূহত খুন্দা মৰাৰ লগতে বাংলাদেশ আৰু ম্যানমাৰ উপকূলতো এই ঘূৰ্নী বিধ্বংসী হৈ উঠিব পাৰে বুলি আগজাননী দিছে বতৰ বিজ্ঞানবিভাগে। মঙলবাৰে নিশাৰ পৰাই বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপ অধিক গভীৰ হৈ পৰা বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে উপকূলীয় অঞ্চলসমূহত বতৰ বিজ্ঞান বিভাগে বিশেষ সতৰ্কতা জাৰি কৰিছে।

বংগোপসাগৰত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে সামুদ্ৰিক ঘুৰ্নী ম’চা

নিশাৰ ভিতৰতে দক্ষিণ–পূবলৈ ধাৱমান হ’ব ম’চা

বংগ-ওড়িশাৰ উপকূলত বিশেষ সতৰ্কতা জাৰি

বৃহস্পতিবাৰৰ ভিতৰত ম’চা বিধ্বংসী হৈ উঠাৰ সম্ভাৱনা

বংগোপসাগৰত গভীৰ নিম্নচাপৰ ফলত সৃষ্টি হোৱা সামুদ্ৰিক ঘুৰ্নী ম’চাই ইতিমধ্যে শক্তি সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে অহা দুদিনৰ ভিতৰত ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে এই সামুদ্ৰিক ঘুৰ্নীয়ে। ইয়াৰ প্ৰভাৱত ইতিমধ্যে আন্দামান উপকূলত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত। আন্দামান সাগৰৰ ওপৰেৰে ঘণ্টাত প্ৰায় ৬০ কিলোমিটাৰ বেগত দক্ষিণ–পূব বংগোপসাগৰলৈ ধাৱমান হৈছে এই সামুদ্ৰিক ঘুৰ্নী। বুধবাৰে সন্ধিয়াৰ ভিতৰতে গভীৰ নিম্নচাপৰ ফলত অহা ১২ ঘণ্টাৰ ভিতৰত অধিক বিধ্বংসী হৈ উঠাৰ সম্ভাৱনা আছে ম’চা। বতৰবিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে অহা ১২ ঘণ্টাৰ ভিতৰত-

ম’চাৰ গতি হ’‍ব ঘণ্টাত ৮০ৰ পৰা ৯০ কিলোমিটাৰ

পৰৱৰ্তী সময়ত ম’চাৰ গতি বৃদ্ধি পাব ঘণ্টাত ১০০ কিলোমিটাৰলৈ

অহা ১২ মে’ৰ পুৱা গতি সলাব ম’চাই

বিধ্বংসী হৈ উঠা ম’চাই খুন্দা মাৰিব বাংলাদেশ-ম্যানমাৰৰ উপকূলত

বৃহস্পতিবাৰৰ ভিতৰত ম’চাৰ গতি হ’ব ১১০ৰ পৰা ১৩০ কিলোমিটাৰলৈ

বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে অহা দেওবাৰৰ দুপৰীয়াৰ ভিতৰত ম’চাই অতিক্ৰম কৰাৰ সম্ভৱনা আছে বাংলাদেশৰ কক্স বাজাৰ আৰু ম্যানমাৰৰ কিয়াকপু উপকূল। উল্লেখ্য যে এই সামুদ্ৰিক ঘুৰ্নীক লোহিত সাগৰত থকা য়েমেনৰ ম’চা বন্দৰৰ নামেৰে নামকৰণ কৰা হৈছে ম’চাৰূপে। দেশৰ উপকূলীয় অঞ্চলসমূহৰ লগতে উত্তৰ ভাৰতৰ কেতবোৰ অঞ্চলতো সামুদ্ৰিক ঘূৰ্নীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন

শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন। মা কামাখ্যাৰ আশিস...

তিনিবছৰ পূৰ্বেই ম্যাদ উকলা চেলাইন দিলে ৰোগীক, হাহাকাৰ লাগিল পৰিয়ালৰ মাজত

ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাভূত-নাশ্ৰুত কাণ্ড। তিনিবছৰ...

১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণসূচী প্ৰধানমন্ত্ৰী মোদীৰ

১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণসূচী প্ৰধানমন্ত্ৰী মোদীৰ। AI...

সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে। নতুন গৱৰ্ণৰ সঞ্জয়...