য’তে-ত’তে পথ খান্দি ৰাইজক হাৰাশাস্তি কৰিলেই সন্মুখীন হ’ব লাগিব জৰিমনাৰ

দিছপুৰৰ জনতা ভৱনত পৰ্টেল মুকলি অনুষ্ঠান। ‘পথ সমন্বয়’ নামৰ এটা পৰ্টেল মুকলি কৰিলে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। গুৱাহাটীত বিভিন্ন বিভাগ তথা প্ৰতিষ্ঠানে পথ খন্দাৰ নামত ৰাইজক হাৰাশাস্তি কৰা কাৰ্য বন্ধ কৰাৰ প্ৰয়াস হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

pathsamanway.assam.gov.in পৰ্টেলৰ জৰিয়তে গুৱাহাটীৰ পথসমূহত চলি থকা সকলো প্ৰকল্পৰ তথ্য এতিয়াৰে পৰা ৰাইজে জানিব পাৰিব। কোন বিভাগ বা প্ৰতিষ্ঠানে কোন পথত খনন কাৰ্য চলাইছে, তাৰ সবিশেষ এই পৰ্টেলৰ জৰিয়তে জানিব পাৰিব।

ইয়াৰ উপৰিও, পথৰ কাম সম্পূৰ্ণ কৰাৰ পিছত সংশ্লিষ্ট বিভাগৰ পৰা প্ৰতিষ্ঠানসমূহে NOC (No Objection Certificate) লাভ কৰিব লাগিব। এটা প্ৰতিষ্ঠানে NOC লাভ কৰাৰ পিছতহে অন্য এটা প্ৰতিষ্ঠানে সেই স্থানত পথ খননৰ অনুমতি পাব।

প্ৰতিষ্ঠানসমূহে আধৰুৱা অৱস্থাত দীৰ্ঘদিন ধৰি পথ খনন কৰি ৰাখিব নোৱাৰিব। খননৰ সময়ত সুৰক্ষাৰ দিশটো নিশ্চিত কৰিব লাগিব প্ৰতিষ্ঠানসমূহে। স্থানীয় ৰাইজক অৱগত নকৰাকৈ বা বিভাগৰ পৰা অনুমতি অবিহনে পথ খনন কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব লাগিব।

সকলো সংস্থাই নিৰ্দিষ্ট সময়ৰ ভিতৰত খননৰ কাম সম্পূৰ্ণ কৰিব লাগিব। চৰকাৰী আৰু বেচৰকাৰী সকলো সংস্থা এই নীতিৰ আওতাত পৰিব। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ঘোষণা কৰিছে যে, গুৱাহাটীত জলাশয় আৰু প্ৰাকৃতিক নলা দখল কৰি কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব। এই স্থানসমূহ শীঘ্ৰে Eco Sensitive Zone হিচাপে ঘোষণা কৰা হ’ব।

ইয়াৰ উপৰিও, গুৱাহাটীত নিয়মবহিৰ্ভূতভাৱে ওখ অট্টালিকা নিৰ্মাণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৱাসী অহা-যোৱাৰ পথ তথা প্ৰয়োজনীয় সা-সুবিধা নথকা অট্টালিকাৰ নিৰ্মাণ কাৰ্য বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...