২০ বছৰ ধৰি আছিল কোমাত; অৱশেষত পৃথিৱীৰ পৰা বিদায় মাগিলে Sleeping Princeয়ে

বিগত ২০ বছৰ ধৰি তেওঁ গভীৰ নিদ্ৰাত আছিল।বহু কোটি টকা ব্যয় কৰা হৈছিল। কিন্তু ৰাজপুত্ৰক জগাব পৰা নগ’ল। কোমাৰ পৰা তুলিব নোৱাৰিলে ছৌদি আৰৱৰ ৰাজপুত্ৰ আল ৱালিদ বিন খালিদ বিন তালাল আল ছৌদক। শনিবাৰে তেওঁ টোপনিৰ মাজতে চিৰনিদ্ৰাত ঢলি পৰিল। তেওঁৰ বয়স হৈছিল মাত্ৰ ৩৮ বছৰ।

ছৌদি ৰাজ পৰিয়ালৰ সদস্য খালিদ বিন তালাল আল ছৌদে পুত্ৰৰ মৃত্যুৰ খবৰ সংবাদমাধ্যমক জনাইছে। পুত্ৰশোকত তেওঁ এটা দীঘলীয়া বাৰ্তা লিখিছে।

২০০৫ চনত ছৌদিৰ যুৱৰাজ ৱালিদে (১৮ বছৰ বয়স) ৰিয়াধত এটা পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত তৰুণজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁ কোমাত গুচি গৈছিল। চিকিৎসকে জনাইছিল যে, মগজুত আঘাত পোৱাৰ বাবে তেওঁ কোমাত আছে। তাৰ পিছৰ পৰা ২০ বছৰ ধৰি ছৌদিৰ এই ৰাজপুত্ৰ কোমাত আছিল। দেওবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব। ৰাজপুত্ৰক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে আল-ফকিৰিয়া জেলাৰ তেওঁৰ প্ৰাসাদত পুৰুষ আৰু মহিলাসকলে পৃথকে পৃথকে যাব পাৰিব।

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, ২০০৫ চনৰ পৰা ৱালিদৰ অৱস্থাৰ কোনো ধৰণৰ উন্নতি হোৱা নাছিল। চিকিৎসকে ৱালিদক স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিবৰ সকলো আশা ত্যাগ কৰিছিল যদিও তেওঁৰ পিতৃ খালিদৰ আশা আছিল যে, তেওঁৰ পুত্ৰ এদিন সুস্থ হৈ উঠিব। দুই বছৰ আগতেই চিকিৎসকে জনাইছিল যে, যুৱৰাজক ‘জগোৱা’ আৰু সম্ভৱ নহয়। তথাপিও পিতৃয়ে আশা কৰিছিল যুৱৰাজ এদিন সাৰ পাব সাধু কথাৰ দৰে। তেওঁ পুত্ৰক ‘লাইফ ছাপোৰ্ট’ৰ পৰা আঁতৰাব নিবিচাৰিছিল। এই বছৰৰ জুন মাহত ঈদ-উল-আজহাৰ সময়ত খালিদে আন পুত্ৰসকলৰ সৈতে কোমাত থকা এই ৰাজপুত্ৰক চাবলৈ গৈছিল। পুত্ৰৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। কিন্তু শেষত ৱালিদে বিদায় মাগিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...